আজি ২৯জুলাই, আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস...

আজি ২৯জুলাই, আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস...

author-image
Asomiya Pratidin
New Update
আজি ২৯জুলাই, আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস...

ডিজিটেল ডেস্কঃ আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্র দিবস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্রণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু সমর্থন আগবঢ়োৱাৰ বিষয়টোৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰতি বছৰে ২৯জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্র দিৱস হিচাপে পালন কৰা হয়।

২০১০ চনৰ চেইণ্ট পিটাৰবাৰ্গত অনুষ্ঠিত ব্যাঘ্ৰ অভিবৰ্তনত এই দিৱসৰ আৰম্ভণি হয়। প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰ যোগাৰ এই দিৱস পালন কৰা হয়। বাঘ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হোৱাৰ বাবে এই দিৱসৰ মহত্ব বেছি।

বিশ্ব বন্যপ্রাণী নিধিৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান বাঘৰ মুঠ সংখ্যা স্থিৰ হৈ আছে অথবা বৃদ্ধি পাইছে। ভাৰতত বিশ্বৰ মুঠ বাঘৰ ৮০ শতাংশই পোৱা যায়। উল্লেখযোগ্য যে, প্রজেক্ট টাইগাৰৰ অংশ হিচাপে ১৯৭৩ চনত ভাৰতৰ ব্যাঘ্র অভয়াৰণ্য স্থাপন কৰা হৈছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ঘনত্ব বিশ্বৰ ভিতৰতে সৰ্বাধিক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতি ৫ বৰ্গ কিলোমিটাৰত ১টাকৈ বাঘ পোৱা যায়। যোৱা লোকপিয়ল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১৩৫ টা বাঘ আছে। ইয়াৰোপৰি মানস ৰাষ্ট্ৰীয় উদ্যানত ২০২২ চনৰ তথ্য অনুসৰি ৫২টা প্ৰাপ্তবয়স্ক আৰু ৮টা পোৱালি আছে। উল্লেখযোগ্য যে অসমত সৰ্বমুঠ ২২৭টা বাঘ পোৱা যায়।

Also Read: ৰৈ থাকি নাই লাভঃ গুৱাহাটীৰ পৰা শ্বিলঙলৈ প্লেনৰ টিকট মাত্ৰ ১৫০টকাত...

international tiger's day