শ্বেয়াৰ মাৰ্কেটত দীপাৱলীৰ প্ৰভাৱঃ ১.৫ট্ৰিলিয়ন ডলাৰ ধনী হ'ল বিনিয়োগকাৰী...

শ্বেয়াৰ মাৰ্কেটত দীপাৱলীৰ প্ৰভাৱঃ ১.৫ট্ৰিলিয়ন ডলাৰ ধনী হ'ল বিনিয়োগকাৰী...

author-image
Asomiya Pratidin
New Update
শ্বেয়াৰ মাৰ্কেটত দীপাৱলীৰ প্ৰভাৱঃ ১.৫ট্ৰিলিয়ন ডলাৰ ধনী হ'ল বিনিয়োগকাৰী...

ডিজিটেল ডেস্কঃ দীপাৱলীৰ বতৰত দেশৰ শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰখনতো সঞ্চাৰিত হ’ল পোহৰ। বহুদিনৰে পৰা ভাৰতীয় শ্বেয়াৰ বজাৰৰ ব্যাপক উত্থান, পতন দেখা গৈছে যদিও শেহতীয়াকৈ দীপাৱলীৰ বতৰত শ্বেয়াৰ বজাৰৰ ষ্টক মাৰ্কেটত অভূতপূৰ্ব উত্থান দেখা হৈছে। দীপাৱলীৰ এই সময়ৰ উত্থানৰ বাবেই ষ্টক মাৰ্কেটৰ এই বিশেষ বৰ্ষটো সবাতোকৈ লাভজনক বৰ্ষ হিচাপে বিবেচিত হৈছে।

শ্বেয়াৰ মাৰ্কেটৰ চলি থকা মন্দাৱস্থাৰ মাজতে দীপাৱলীৰ বতৰত অভূতপূৰ্ব উত্থানৰ খবৰে সকলো বিনিয়োগকাৰী অধিক উতসাহিত কৰি তুলিছে। যোৱা দীপাৱলীৰ পৰা চলিত দীপাৱলীৰ লৈকে এই সময়চোৱাত বিনিয়োগকাৰীৰ সম্পদৰ পৰিমাণ ১২৮লাখ কোটিৰ পৰা বৃদ্ধি পাই ৪৫৩লাখ কোটি টকা হৈছেগৈ। এই বৃদ্ধিৰ পৰিমাণ প্ৰায় ১.৫ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। এই উত্থানৰ পাছতে এই বিশেষ বৰ্ষটো সবাতোকৈ সমৃদ্ধিশালী বৰ্ষ হিচাপে বিবেচিত হৈছে।

শ্বেয়াৰ মাৰ্কেটৰ এই উত্থানক লৈ অভিজ্ঞসকলে মন্তব্য কৰিছে যে, দেশৰ ভূ-ৰাজনৈতিক উদ্বেগ নিৰ্বাচন,  প্ৰতিকূল বতৰৰ প্ৰত্যাহ্বানৰ মাজতো কেন্দ্ৰীয় চৰকাৰৰ কিছু শক্তিশালী নীতি তথা দুৰদৰ্শী চিন্তাৰ বাবেই এনে আশাব্যঞ্জক পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে, শ্বেয়াৰ মাৰ্কেটৰ এই বৃদ্ধিত ঘৰুৱা পুঁজিৰ পৰিমাণ হৈছে ৪.৭লাখ কোটি টকা।

ইফালে, অতি শেহতীয়াকৈ নেচনেল ষ্টক এক্সেঞ্জ (NSE)ৰ গ্ৰাহকৰ সংখ্যা ২০ কোটিৰ ঘৰ অতিক্ৰম কৰিলে। মাত্ৰ ৮ মাহ পূৰ্বে নেচনেল ষ্টক এক্সেঞ্জৰ পঞ্জীয়নভুক্ত গ্ৰাহকৰ সংখ্যা আছিল ১৬.৯ কোটি।

শ্বেয়াৰ মাৰ্কেট