IPL 2024: পৰাক্ৰমী ৰাজস্থানৰ পৰা অন্তিমটো বলত হায়দৰাবাদে কাঢ়ি নিলে বিজয়...

IPL 2024: পৰাক্ৰমী ৰাজস্থানৰ পৰা  অন্তিমটো বলত হায়দৰাবাদে কাঢ়ি নিলে বিজয়...
Published on
Updated on

ডিজিটেল ডেস্কঃ ক্ৰিকেটত সকলো সম্ভৱ। ক্ৰিকেট মানেই উৎকন্ঠা। ক্ৰিকেট মানেই যেন জয়-পৰাজয়ৰ আগলী বতৰা নোপোৱা খেল। বৃহস্পতিবাৰে ৰাজস্থান আৰু হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা মেচখনত প্ৰতিগৰাকী দৰ্শকে সেয়াই অনুভৱ কৰিলে। জিকিব বুলি ভাৱি থকা মেচখনত শেষৰটো বলত হাৰিল ৰাজস্থান ৰয়েলছ।

ৰিয়ান পৰাগ আৰু যশস্বী জয়ছোৱালৰ দৰ্শনীয় বেটিঙেও হায়দৰাবাদৰ বিৰুদ্ধে খেলা মেচখনত জয়ৰ সোৱাদ ল'ব নোৱাৰিলে ৰাজস্থান ৰয়েলছে। অভিজ্ঞতাসম্পন্ন বলাৰ ভুৱনেশ্বৰ কুমাৰৰ বলিং কিটিপত হাৰি হাৰিও জিকিল হায়দৰাবাদ।

বৃহস্পতিবাৰৰ মেচখনত, প্ৰথমে বেটিং কৰি হায়দৰাবাদে ২০২ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৰাজস্থানক। ইয়াৰ প্ৰত্যুত্তৰৰ ৰাজস্থানে ২০অভাৰত ৭টা উইকেট হেৰুৱাই ২০০ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে ৬৭ আৰু অসমৰ ৰিয়ান পৰাগে ৭৭ৰাণৰ বৰঙণি টীমলৈ আগবঢ়ায়।

ৰিয়ান পৰাগ আৰু যশস্বী জয়ছোৱালে হায়দৰাবাদৰ বিৰুদ্ধে খেলা মেচখনত জয়ৰ দিশে দ্ৰুতগতিত আগবঢ়াই লৈ গৈছিল। কিন্তু ক্ৰমাগতভাৱে কম সময়ৰ ব্যৱধানত ৪টাকৈ উইকেট পতন হয় আৰু মেচখন হায়দৰাবাদৰ দিশে ঢাল খায়।

শেষৰটো অভাৰৰ শেষৰটো বলত ৰাজস্থানক জয়ৰ বাবে ২ৰাণৰ প্ৰয়োজন হৈছিল যদিও ভুুৱনেশ্বৰ কুমাৰৰ বলত সপ্তমটো উইকেটৰ পতন হয়। এই জয়ে আই পি এল-২০২৪ৰ পইন্ট টেবুলত হায়দৰাবাদ চতুৰ্থ স্থানলৈ অগ্ৰগতি লাভ কৰে। ইফালে পইন্ট টেবুলৰ শীৰ্ষত থকা ৰাজস্থানে এই মেচখনত জয়ী হোৱা হলে প্লেঅফৰ বাবে নিৰ্বাচিত হলহেতেন যদিও এই সুযোগ হেৰুৱালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in