ডিজিটেল ডেস্কঃ বিমান কাৰখানাৰ পাছত ইজৰাইলৰ হাহোট্ৰিম বায়ুসেনা ঘাটিক লক্ষ্য কৰি ল'লে হিজবুল্লাই। এই অভিযানত ১৬৫ টা ৰকেটেৰে কেইবাটাও স্থানত আক্ৰমণ চলাই হিজবুল্লাই। ইয়াৰ ভিতৰত ৰামিম ব্ৰিগেড কমাণ্ড চেণ্টাৰ, ১৪৬ নং ডিভিজন ঘাটি, শ্ৰগা ঘাটি, টেল নফ বিমান ঘাটি অন্যতম।
হিজবুল্লাৰ আক্ৰমণত নাহৰিয়াত দুজনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই ঘটনাৰ পাছতে হিজবুল্লা আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাত যথেষ্ট বৃদ্ধি পাইছে। দুয়োপক্ষই সামৰিক কাৰ্যকলাপ অব্যাহত ৰখাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে।
এই কাৰ্যই হিজবুল্লাৰ শক্তিৰ এক ধাৰণা প্ৰদৰ্শন কৰিছে। একাধিৰ স্থানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাই হিজবুল্লাৰ ক্ৰমবৰ্ধমান ক্ষমতাক দেুখুৱাইছে। এই ঘটনাত দুয়ো পক্ষই লোকচানৰ সন্মুখীন হৈছে যদিও সমগ্ৰ ঘটনাত কোন কিমান ক্ষতিগ্ৰস্থ হৈছে সেই সন্দৰ্ভত এতিয়াও সম্পূৰ্ণ তথ্য পোৱা নাই।
উল্লেখ্যযোগ্য যে,ইজৰাইলৰ আক্ৰমণত ধৰাশায়ী হোৱা লেবাননক সুৰক্ষা প্ৰদানৰ লগতে চহৰখনৰ পৰিস্থিতি কিছু উন্নত কৰিবলৈ চেষ্টা চলাইছে হিজবুল্লাই।
বিগত কিছুদিনৰ পৰা ইজৰাইলক শেহতীয়াকৈ ৰকেট আক্ৰমণেৰে হিজবুল্লাই প্ৰত্যুত্তৰ দি আছে যদিও ইজৰাইলেও লেবাননত আক্ৰমণ অব্যাহত ৰাখিছিল। সেয়ে ইজৰাইলী সেনাক প্ৰতিহত কৰিবলৈ এইবেলী ১৬৫ টা ৰকেটেৰে আক্ৰমণ চলাই হিজবুল্লাই।