বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষ উপলক্ষে নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰৰ আয়োজন সাহিত্য অকাডেমীৰ...

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষ উপলক্ষে নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰৰ আয়োজন সাহিত্য অকাডেমীৰ...

author-image
Asomiya Pratidin
New Update
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষ উপলক্ষে নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰৰ আয়োজন সাহিত্য অকাডেমীৰ...

ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমীৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষ উপলক্ষে সাহিত্য অকাডেমীয়ে আয়োজন কৰিছে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ।

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই চেমিনাৰখনত বিশিষ্ট সাহিত্যিক গৰাকীৰ জীৱন তথা দৰ্শনৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হব।  অহা ১৯ আৰু ২০ নৱেম্বৰ ২০২৪ত নতুন দিল্লীস্থিত সাহিত্য অকাডেমীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হব এই অনুষ্ঠানটি। ১৯নৱেম্বৰ ২০২৪ৰ পুৱা ১০বজাৰ পৰা কাৰ্যসূচীৰ অনুসৰি আৰম্ভ হব অনুষ্ঠানটি।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই গুৰুত্বপূৰ্ণ চেমিনাৰখনিত অংশ লব কেইবাগৰাকীও বিশেষজ্ঞ, সাহিত্যিকৰ লগতে অকাডেমীৰ সভাপতি আৰু উপ সভাপতিয়ে। দিগন্ত বিশ্ব শৰ্মা, বিশ্বাস পাটিল, কুল শইকীয়া, মলয়া খাউণ্ড, কৰবী ডেকা হাজৰিকা, নিৰ্মল কান্তি ভট্টাচাৰ্য, মনোজ গোস্বামী, ৰত্নতমা দাসৰ দৰে বিশিষ্ট ব্যক্তিয়ে অংশ লব এই চেমিনাৰত।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য কৃতি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সৃষ্টি সাংস্কৃতিক আৰু সামজিক দিশত প্ৰভাৱ ইত্যাদি বিষয়কেইটাৰ ওপৰত বিশদভাৱে আলোচিত হব এই চেমিনাৰত। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে সাহিত্য অকাডেমীৰ সভাপতি পদত বহা উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য