২০০বাৰতকৈ অধিক বাৰ আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক...

২০০বাৰতকৈ অধিক বাৰ আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক...
Published on
Updated on

ডিজিটেল ডেস্কঃ এবাৰ, দুবাৰ নহয়। ইজৰাইলকৰ প্ৰায় ২০০বাৰতকৈ অধিক আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত পোতক তুলিলে ইজৰাইলী সেনাই। শনিবাৰে নিশা ইজৰাইলে হুথি বিদ্ৰোহীৰ ঘাটি য়েমেনত কৰে আক্ৰমণ। এই আক্ৰমণত ৩গৰাকী নিহত হোৱাৰ লগতে ৫০ৰো অধিক লোক আহত হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা শুকুৰবাৰে হুথি বিদ্ৰোহীয়ে ইজৰাইলৰ ৰাজধানী টেল আভিভত শ শ ড্ৰোণেৰে আক্ৰমণ চলাইছিল। তাৰ এদিন পাছতে অৰ্থাৎ শনিবাৰে সন্ধিয়া ইজৰাইলৰ প্ৰতিশোধ ল’বলৈ য়েমেনৰ লোহিত সাগৰৰ পাৰত থকা অন্যতম কেন্দ্ৰ হোদেইদা বন্দৰত বিমান আক্ৰমণ চলায়।

ইজৰাইলে বন্দৰৰ লগতে য়েমেনৰ ছানাত হুথি বিদ্ৰোহী পৰিচালিত এটা বিদ্যুত কেন্দ্ৰ আৰু তেল ভাণ্ডাৰতো আক্ৰমণ কৰে। প্ৰায় ১হাজাৰ ৮০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি শনিবাৰে ইজৰাইলৰ বায়ুসেনা বাহিনীৰ বিমানে ব্যাপক আক্ৰমণ চলায় য়েমেনত।

ইফালে এই আক্ৰমণৰ পাছতে ইজৰাইলী সেনাই হুংকাৰ প্ৰদান কৰিছে যে, ইজৰাইলী নাগৰিকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে যিকোনো মূল্যৰ বিনিময়ত শাস্তি ভোগ কৰিবলৈ তেওঁলোক সাজু। আনফালে দেশখনৰ প্ৰধানমন্ত্ৰীয়েও নিজৰ দেশক ৰক্ষা কৰিবলৈ আমি বদ্ধ পৰিকৰ বুলি মন্তব্য কৰে।

২০০বাৰতকৈ অধিক বাৰ আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক...
অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা বটদ্ৰৱাৰ সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰ আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in