ডিজিটেল ডেস্কঃ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ বাসগৃহলৈ লক্ষ্য কৰি বোমা নিক্ষেপ। এই কথা শেহতীয়াকৈ ৰাজহুৱা কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্ৰীয়। প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ লক্ষ্য কৰি দুটাকৈ বোমা নিক্ষেপ কৰা হৈছিল বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগেও সদৰি কৰিছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ফুলনিত এই বোমা বিস্ফোৰিত হয় যদিও প্ৰধানমন্ত্ৰীগৰাকী পৰিয়াল তথা কোনো লোক হতাহত হোৱা নাই।
এই ঘটনাক তীব্ৰ নিন্দা কৰি ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে । হিজবুল্লাহক লক্ষ্য কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে নিজৰ সীমা অতিক্ৰম কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ৰ অক্টোবৰ মাহতো প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত চলিছিল ড্ৰোণ আক্ৰমণ। এই আক্ৰমণতো অৱশ্য়ে কোনো লোক হতাহত হোৱা নাছিল।
ইজৰাইলৰ কেৰেছিয়াত থকা প্ৰধানমন্ত্ৰী নেতান্যাহুৰ বাসগৃহৰ বাগিছাত এই আক্ৰমণৰ পাছতে নিৰাপত্তাৰ ক্ষেত্ৰত অধিক চকু দিয়া হৈছে। অৱশ্যে এতিয়ালৈকে হিজবুল্লাহে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।