ডিজিটেল সংবাদ, মায়ং : জাগীৰোড সমষ্টিৰ অন্তৰ্গত পশ্চিম মায়ঙৰ দীঘলআটীত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জগদ্ধাত্ৰী মন্দিৰ প্ৰাংগনত আয়োজন কৰা হৈছে জগদ্ধাত্ৰী পূজা। ৯ নবেম্বৰৰ পৰা আৰম্ভ হোৱা জগদ্ধাত্ৰী পূজাৰ দেওবাৰে দ্বিতীয় দিন।
দীঘলআটী সমাজ সেৱা যুৱক সংঘৰ উদ্যোগত এইবাৰ ৩৫ সংখ্যক জগদ্ধাত্ৰী পূজা উলহ- মালহেৰে উদযাপন কৰা হৈছে। পূজা পৰিচালনা সমিতিৰ সভাপতি গৌৰাঙ্গ সৰকাৰ আৰু সম্পাদক কৃষ্ণকান্ত সূত্ৰধৰে জানিবলৈ দিয়া মতে সন্ধিয়াৰ ভাগত আৰতি প্ৰতিযোগিতা আৰু যাত্ৰাভিনয় আছে।
দিনৰ ভাগতো বিভিন্ন পূজা অৰ্চনা কৰি থকা হৈছে। সকলো ৰাইজৰ সহযোগীতা কামনা কৰিছে।
Also Read: কংগ্ৰেছ মানে কমিউনেলিজিম-কৰাপছন আৰু কনফ্লিক্টঃ সৰ্বানন্দ সোণোৱাল