ডিজিটেল ডেস্কঃ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মঙলবাৰে জম্মু-কাশ্মীৰত অব্যাহত আছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৪০খন বিধানসভা আসনত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। প্ৰাপ্ত তথ্য অনুসৰি, আজি অন্তিম পৰ্যায়ৰ ভোটদানত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৪০ লাখ। ইফালে মুঠ প্ৰাৰ্থী ৪০৫ জন।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,জম্মু অঞ্চলৰ জম্মু, কাঠুৱা, চাম্বা আৰু উধমপুৰ জিলাৰ বেছিভাগ আসনতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশংকা ব্যক্ত কৰিছে ৰাজনীতিবিদসকলে। জম্মু জিলাৰ ১১টা সমষ্টি, কঠুৱাৰ ৬টা, উধামপুৰৰ ৪টা আৰু চাম্বাৰ জিলাৰ ৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে,এইবেলি কাশ্মীৰত ১০বছৰৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ইতিমধ্যে হৈ যোৱা নিৰ্বাচনৰ দুটা পৰ্যায়ত ভোটাৰৰ যথেষ্ট উৎসাহ দেখা গৈছে যদিও বিগত ২৪ ঘণ্টাত কাঠুৱা আৰু ৰাজৌৰীত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ হোৱা বুলিও জানিব পৰা গৈছে। ইয়াৰোপৰি কাঠুৱা এনকাউণ্টাৰত এগৰাকী আৰক্ষী কৰ্মী শ্বহীদ হোৱাৰ বিপৰীতে এজন সন্ত্ৰাসবাদীও নিহত হয়।
Also Read: চুপাৰি চিণ্ডিকেটৰ নায়ক শিৱচান্দ হাতীবৰুৱাক কোনে দিছে ৰক্ষণাবেক্ষণ...