পেহেলগাম কাণ্ডৰে জড়িত ৩ সন্ত্ৰাসবাদীক নিধন

ভাৰতীয় সেনাই আৰম্ভ কৰিলে ‘অপাৰেচন মহাদেৱ’। সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সেনাই তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰে ভাৰতীয় সেনাবাহিনীয়ে।

author-image
Asomiya Pratidin
New Update
new ap web 1 (19)

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই আৰম্ভ কৰিলে ‘অপাৰেচন মহাদেৱ’। সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সেনাই তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰে ভাৰতীয় সেনাবাহিনীয়ে। নিহত তিনি সন্ত্ৰাসবাদী পেহেলগাম কাণ্ডৰ সৈতে জড়িত আছিল। ইয়াৰে এজনক ছুলেমান বুলি চিনাক্ত কৰা হৈছে। আনহাতে, লস্কৰৰ কামাণ্ডাৰ মুছাও নিহত হৈছে বুলি দাবী কৰিছে আন এক সূত্ৰই। 

উল্লেখযোগ্য যে, ডাচিগাম বনাঞ্চলত আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীকেইটাই। সেনাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীও এই অভিযানৰ অংশ আছিল। সেনাই নিহত সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। 

অপাৰেচন মহাদেৱ পেহেলগাম