ৰাস ভাওনাৰ সামগ্ৰী নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মুখা শিল্পী...

মুখা শিল্পী টংকেশ্বৰ শইকীয়াই নিৰ্মাণ কৰা সামগ্ৰী সমূহ বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ গাঁও সমূহৰ ধৰ্মপ্ৰাণ ৰাইজৰ দ্বাৰা আয়োজিত ৰাস ভাওনা আদিলৈ নিয়াৰো ব্যৱস্থা কৰা হৈছে৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাট

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটৰ ইটাখোলাৰ কেৰাণীপামৰ মুখা শিল্পী টংকেশ্বৰ শইকীয়াই নিৰ্মাণ কৰা ৰাস ভাওনাৰ বিভিন্ন সামগ্ৰীৰ লগতে কাজিৰঙাৰ জীৱ-জন্তুৰ মুৰ্তি সমূহে অঞ্চলটোৰ ৰাইজৰ দ্বাৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

এই গৰাকী প্ৰতিভা সম্পন্ন উদীয়মান মুখা শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে শ্ৰীকৃষ্ণৰ ৰাস ভাওনাৰ বাবে  প্ৰয়োজনীয় সকলো সামগ্ৰী ৷ শিল্পী গৰকীয়ে ভাওনাৰ সিংহাসনৰ লগতে ৰাসৰ বাবে কংসৰ কাৰাগাৰকে ধৰি ৰাস ভাওনাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে৷

ইয়াৰ লগতে শিল্পী গৰাকীয়ে নিৰ্মাণ কৰিছে গড়,হাতী,বাঘ আৰু কেংগেৰুকে ধৰি কাজিৰঙাৰ জীৱ-জন্তু সমূহৰো মূৰ্ত্তি ৷ মুখা শিল্পী টংকেশ্বৰ শইকীয়াই নিৰ্মাণ কৰা সামগ্ৰী সমূহ বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ গাঁও সমূহৰ ধৰ্মপ্ৰাণ ৰাইজৰ দ্বাৰা আয়োজিত ৰাস ভাওনা আদিলৈ নিয়াৰো ব্যৱস্থা কৰা হৈছে৷

বিগত প্ৰায় ২০ বছৰ ধৰি মুখা শিল্পী টংকেশ্বৰ শইকীয়াই নিজৰ শিল্প সাধনাত ব্যস্ত হৈ থাকি স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ এই ক্ষেত্ৰত শিল্পী গৰাকীয়ে চৰকাৰৰ তৰফৰ পৰাও প্ৰয়োজনীয় সহায় সহযোগিতাৰ আশা কৰিছে ৷

জামুগুৰিহাট ভাওনা ৰাস