ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰি পৌৰসভাৰ উপ পৌৰপতি তথা জনপ্ৰতিনিধি অঞ্জন কলিতাক আক্ৰমণ কৰি ৰঙাঘৰত সোমাল ৪ অভিযুক্ত। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, জামুগুৰি পৌৰসভাৰ অন্তৰ্গত বৰভগীয়া গোসাইচুক গাঁৱৰ এটা পথৰ কাম চলি থকা সময়তে পথৰ ওপৰৰে বাইক লৈ যাবলৈ উদ্যত হয় লালেটাপুৰৰ কেইজনমান যুৱক ৷
এই কাণ্ডত বাধা দিয়ে উপ পৌৰপতি গৰাকীয়ে ৷ ফলস্বৰূপে অঞ্জন কলিতাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৪ জন। লালেটাপুৰলৈ উভতি গৈ লাঠি-জোং সহ ১০/১২ জনীয়া দল লগত লৈ উক্ত স্থানত উপস্থিত হয় ৪ অভিযুক্ত।
এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা লগতে পথটিৰ কাম প্ৰত্যক্ষ কৰি থকা উপ পৌৰপতি গৰাকীক আক্ৰমণ কৰাৰ চেষ্টা কৰে৷ ইফালে উক্ত স্থানত হুলস্থুল শুনি ওলাই আহে ৰাইজ। উপ পৌৰপতি অঞ্জন কলিতাৰ ডিঙিৰ তলত আৰু মুৰত আক্ৰমণ কৰি যুৱকৰ দলটো উভতি যাবলৈ চেষ্টা কৰে যদিও ৰাইজে সিহঁতক আটক কৰিবলৈ সক্ষম হয়৷
পৰৱৰ্তী সময়ত উপ পৌৰপতিগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত লালেটাপুৰৰ আন আন যুৱকসকলকো আটক কৰি আনি সোধপোচ কৰে। ইতিমধ্যে ঘটনাটোৰ লগত মূলতঃ জড়িত ৪ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷
Also Read: নিৰ্বাচনত ব্যাপক ৰেগিং ! বিজেপি সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে চমন জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...