চকুৰে নেদেখা এজন নথকা অচিন পথিকক দৃষ্টি শক্তি প্ৰদান জামুগুৰিহাটৰ বিপুল নাথৰ...

চকুৰে নেদেখা এজন নথকা অচিন পথিকক দৃষ্টি শক্তি প্ৰদান জামুগুৰিহাটৰ বিপুল নাথৰ...
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ মানৱতা আছে বাবেই হয়তো আজিও পৃথিৱীখন ধুনীয়া হৈ আছে ৷ এজন আনজনৰ সাহস হৈ আছে ৷ মানৱতাক লৈ ভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে জামুগুৰিহাটৰ ধলাইবিল চামধৰা গাঁৱৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ মহৎ কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

দুচকুৰে পৃথিৱীৰ পোহৰ দেখা নোপোৱা পথৰ এগৰাকী অচিনাকী দুৰ্ভগীয়া পথিকক আপোনমনে আশ্ৰয় দি নিজা খৰছত অস্ত্ৰোপ্ৰচাৰ কৰি পৃথিৱীখনৰ পোহৰ দেখুৱাবলৈ সক্ষম হ’ল এইগৰাকী মানৱ দৰদী প্ৰচাৰ বিমুখ তথা ক্ষুদ্ৰ ব্যৱসায়ী বিপুল নাথে।

হাতত পৰ্যাপ্ত ধন নথকা স্বত্বেও মানৱতাকেই প্ৰাধান্য দিয়া বিপুল নাথে অনলাইনত ধন ঋণ লৈ চিকিৎসকৰ জৰিয়তে লক্ষীৰাম কৰ্মকাৰ নামৰ এইগৰাকী যুৱকৰ অস্ত্ৰোপ্ৰচাৰ কৰাই পৃথিৱীৰ পোহৰ দেখুৱাবলৈ সক্ষম হয় ৷

দুই তিনিবছৰ পূৰ্বে হঠাৎ দুই চকুৰ দৃষ্টিশক্তি লোপ পোৱা দৰিদ্ৰ লক্ষীৰাম কৰ্মকাৰৰ বাবে সেয়ে বিপুল নাথ আজি ভগৱান সদৃশ।কিন্তু ক্ষুদ্ৰ ব্যৱসায়ী বিপুলৰ বাবে এই ক্ষণ অতি আনন্দৰ ক্ষণ বুলি অনুভৱ কৰিছে ৷ উল্লেখ্য যে পূৰ্বেও প্ৰচাৰ বিমুখ এইগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে এনে বহু মহৎ কৰ্ম কৰি সকলোৰে মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in