ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত সংঘনাই চুৰিকাণ্ড সংঘটিত হৈ অহাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিল এটা গভাইট চোৰ।জামুগুৰিহাটৰ সৰুভগীয়াত থকা এয়াৰটেল কোম্পানীৰ দুটাকৈ ছয় লাখ টকীয়া মেচিন চুৰি কৰি পলাবলৈ চেষ্টা কৰাৰ সময়তে জামুগুৰি আৰক্ষীৰ নৈশ তহলদাৰী দলে কৰায়ত্ব কৰিবলৈ সক্ষম হয় চোৰটোক।
জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাজিৰ আলি সৰকাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে কৰায়ত্ব কৰা চোৰটো ধেমাজিৰ হিৰক ভৰালী বুলি জানিব পৰা গৈছে।অৱশ্যে নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি আন এটা চোৰ পলাই যাবলৈ সক্ষম হয়।
চোৰে ব্যৱহাৰ কৰা AS 01-RC- 7242 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে যোৱা কিছুদিন ধৰি জামুগুৰিহাটত চোৰে ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ সময়তে কালি নিশা জামুগুৰি আৰক্ষীৰ জালত পৰে এই গভাইট চোৰটো।