ডিজিটেল সংবাদ,জামুগুৰিহাট: জামুগুৰিহাটৰ ৰঙাচকুৱাৰ গোৰ্খালী নাৰী সমাজৰ উদ্যোগত প্ৰথম বাৰ্ষিক ৰমাইল’ তিহাৰ সমাৰোহ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। তিহাৰ সমাৰোহৰ লগত সংগতি ৰাখি গোৰ্খা জনগোষ্ঠীয় যুৱক-যুৱতী ও ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দেউচী ভয়লী মাৰুলী আৰু সংগিনী আদি গীত নৃত্য সমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত হব।
সন্ধিয়া বাৰেবৰণীয়া সংগীত সন্ধিয়াৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তা সকলে জনাইছে। ৰঙাচকুৱাৰ গায়ত্ৰী মন্দিৰ প্ৰাংগণত অহা ১৭ নৱেম্বৰত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা ৰমাইল’ তিহাৰ সমাৰোহ উপলক্ষে আজি মন্দিৰ প্ৰাংগণত গোৰ্খালী মহিলা সমাজৰ সমূহ সদস্যই এক চাফাই অভিযানৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।
১৭নবেম্বৰ তথা অহা দেওবাৰে অনুষ্ঠিত হব লগা প্ৰথম বাৰ্ষিক ৰমাইল’ তিহাৰ সমাৰোহৰ সমূহ কাৰ্য্যসূচীত সকলো শ্ৰেণীৰ সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৰঙাচকুৱা গোৰ্খালী নাৰী সমাজৰ সভানেত্ৰী ৰেখা দেবী আৰু সম্পাদিকা ৰূপালী উপাধ্যায়ে ।