প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ...

প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত বানৰ সংহাৰ শেষ নৌহওতেই বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। গুৱাহাটী মহানগৰীকে ধৰি অসমৰ অন্যান্য জিলাসমূহতো জাপানীজ এনকেফেলাইটিছ ৰোগ লাহে লাহে বিয়পি পৰিছে । অতি লক্ষ্যণীয় কথাটো হ'ল এইবাৰ এই ৰোগত আক্ৰান্তৰ অধিকাংশই শিশু আৰু কিশোৰ, কিশোৰী।

উল্লেখ্য যে ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছে ২২জন ৰোগী। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যৰ ৫জনলোক মৃত্যুমুখত পৰিছে।। আনহাতে, ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২জন লোক।

প্ৰাণিধানযোগ্য যে বুধবাৰে জাপানীজ এনকেফেলাইটিছত গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰাকেশ ৰাগ নামৰ এজন যুৱকৰ মৃত্যু ঘটে। কৰ্ম সূত্ৰে নুমলীগড়ত দীৰ্ঘদিন ধৰি বসবাস কৰা লোকজনে কিছু দিনৰ পুৰ্বৰ পৰাই তীব্ৰ জ্বৰ আৰু মুৰৰ বিষত আক্ৰান্ত হৈ আছিল।

ইয়াৰোপৰি জাপানীজ এনকেফেলাটিছত আক্ৰান্ত হৈ ৰহাৰ আমচৈৰ মাধুৰ্য কোঁৱৰ নামৰ এজন ১৩ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। আঠ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে মৃত্যু হয় মাধুৰ্যৰ।

প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ...
টেঙাখাতত পবিত্ৰ মহৰম পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in