জাপানীজ এনকেফেলাইটিছৰ সংহাৰঃ গুৱাহাটীত কামপুৰৰ এগৰাকী ৰোগীৰ মৃত্যু...

কাছাৰত নাই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ মেলেৰিয়া, ডেংগুৰ আছে প্ৰভাৱ
কাছাৰত নাই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ মেলেৰিয়া, ডেংগুৰ আছে প্ৰভাৱ
Published on
Updated on

ডিজিটেল ডেস্কঃ বানৰ সংহাৰৰ পাছতে এইবাৰ ৰাজ্যত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ কামপুৰ কঠিয়াতলীৰ এগৰাকী বয়োজ্যেষ্ঠ লোকৰ মৃত্যু হয় জাপানীজ এনকেফেলাইটিছত। মৃত্যু লোকজনৰ নাম টংকেশ্বৰ বৰা।

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকগৰাকীৰ। এই লোকগৰাকীৰ সৈতে ৰাজ্যত এই বৰ্ষত জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পালে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান কেৱল জি এম চি এইচতেই ২৫গৰাকীৰো অধিক ৰোগী চিকিতসাধীন হৈ আছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমৰ ৩৫খন জিলাৰ ২৪খন জিলাত ১৯০ৰো অধিক লোক বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ 

কাছাৰত নাই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ মেলেৰিয়া, ডেংগুৰ আছে প্ৰভাৱ
ভোলানাথ হ'ব সন্তুষ্টঃ শাওণ মাহতে কপাল ফুুঁলিব এই তিনি ৰাশিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in