সাজঘৰত গুৰু গম্ভীৰ আৰু বুমৰাহৰ তৰ্কযুদ্ধ

টীম ইণ্ডিয়াৰ সাজঘৰত কিছু সময় দুয়োৰে মাজত কথাৰ কটা-কটি। তাৰ পাছত ইমুখ- সিমুখ কৰি বহি আছে প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু যশপ্ৰীত বুমৰাহ। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dfh

ডিজিটেল ডেস্ক : টীম ইণ্ডিয়াৰ সাজঘৰত কিছু সময় দুয়োৰে মাজত কথাৰ কটা-কটি। তাৰ পাছত ইমুখ- সিমুখ কৰি বহি আছে প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু যশপ্ৰীত বুমৰাহ। 

উল্লেখযোগ্য যে, ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচৰ মাজতে ঘূৰি থকা কেমেৰাত আৱদ্ধ হয় এই দৃশ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ খবৰ অনুসৰি ভাৰত-ইংলেণ্ডৰ মাজত চলি থকা প্ৰথমখন টেষ্টত ইংলেণ্ডে বেট ধৰি থকাৰ সময়ত ৪০সংখ্যক অ’ভাৰৰ পাছতে সাজঘৰলৈ গৈছিল যশপ্ৰীত বুমৰাহ।

তাৰ পাছতে ওচৰতে বহি থকা প্ৰশিক্ষক গৌতম গম্ভীৰ সৈতে বলিঙকলৈ কেতবোৰ আলোচনা কৰিছিল বুমৰাহে। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় বলাৰে দেখুওৱা প্ৰদৰ্শনত অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে আন কেতবোৰ কাৰণতো আপত্তি দৰ্শাই বুমৰাহে।

এনেদৰেই কিছু সময় ধৰি দুয়োৰে মাজত কথাৰ কটা- কটি লাগে আৰু তাৰ পাছতে দুয়ো ইমুখ- সিমুখ কৰি বহি থাকে। 

gautam gambhir