ডিজিটেল সংবাদ,বিহালীঃ বিহালীত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ আৰম্ভ হৈছে সাংসদ ৰঞ্জিত দত্ত আৰু কংগ্ৰেছ জয়ন্ত বৰাৰ যুযুধান ৰূপ ৷ একালত সাংসদ ৰঞ্জিত দত্তৰ বিহালী উপ নিৰ্বাচনৰ প্ৰথম আৰু শেষ পচন্দৰ প্ৰাৰ্থী আছিল আজিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা ৷ সৌসিদিনালৈকে নিজ ভাতৃ বুলি চিনাকী দি বিহালীৰ বিধায়ক বনাৱলৈ বিচৰা ৰঞ্জিত দত্তৰ এতিয়া ঘোৰ শত্ৰু অসৎ হ'ল জয়ন্ত বৰা ৷
বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তই জয়ন্ত বৰাক উদ্দেশ্যি কৈছিল যে, ডেৰটা বছৰত কংগ্ৰেছ জিকি কি কৰিব? যি গৰাকী কংগ্ৰেছ প্ৰাৰ্থী আহিছে তেওঁক জিকালেটো আপোনালোকৰ হৈ গ'ল ৷ মই একো নকওঁ কিন্তু আমি জানো যি গৰাকী প্ৰাৰ্থী দিছে তেওঁ যদি জিকি যায় ইয়াত বহু মাটি দালাল সৃষ্টি হ'ব ৷ আপোনালোকৰ মাটি নেথাকিব৷
ৰঞ্জিত দত্তৰ মন্তব্যক উভতাই ধৰি কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই কয় যে, কোন মাটিৰ দালাল, কোন কাঠৰ দালাল, কোন ইটা ভাটাৰ দালাল ৰাইজে ভালকৈ জানে, এইটোতো ৰাইজে হে উত্তৰ দিব ৷ ১৩ তাৰিখে ইভিএমত বিহালীবাসী ৰাইজে ২৫ বছৰে কোনে কি কৰি আছিল তাৰ এক সম্পূৰ্ণ প্ৰতিচ্ছবি দিব ৷ বিগত ২৫ বছৰে তেখেতৰ শাসনকালত কোনে কি কৰিছে ? ইমান কোনে কি দালালি কৰি আছিল বুলি ৰঞ্জিত দত্তলৈ আঙুলি টোৱাই জয়ন্ত বৰাই ৷
ইয়াৰোপৰি তেওঁ বিজেপিক উদ্দেশ্যি কয় যে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন গৰাকী মন্ত্ৰী আছে? কোন মন্ত্ৰী অলিয়ে- গলিয়ে ঘূৰি আছে ? সকলো ধৰণৰ মন্ত্ৰী বিধায়ক ঘূৰি আছে ৷ বৰ্তমান কংগ্ৰেছ চৰকাৰ নাই ৷ গতিকে আমাৰ কোনজন মন্ত্ৰী আছে যে বিহালীত প্ৰচাৰ চলাব ? বিহালীত ৰাইজে প্ৰচাৰ চলাইছে, বেলেগৰ পৰা আনিব নেলাগে ৷ বিহালীৰ ৰাইজ এজন এজন ষ্টাৰ কেম্পেইনাৰ ৷ প্ৰত্যেক জন সৰ্বসাধাৰণ ৰাইজ ষ্টাৰ কেম্পেইনাৰে অলিয়ে-গলিয়ে কাম কৰি আছে ৷
Also Read: বিশিষ্ট সমাজকৰ্মী- শিক্ষক ৰাজেন্দ্ৰ নাথ বৰা আৰু নাই