সমগ্ৰ ভাৰতত সংস্থাপন লাভ কৰা NESCৰ ৬০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী জয়ন্ত মল্লৰ

এটা ডাঙৰ সপোন লৈ, সম্ভাৱনা আগত লৈ আমি NESCৰ কাম আৰম্ভ কৰিছিলো। আমি যি ধৰণে চিন্তা কৰি NESC আৰম্ভ কৰিছিলো, সেই কামবিলাক যেন সফলতাৰ দিশেৰে গৈছে সেয়া আমি অনুভৱ কৰিছো...
সমগ্ৰ ভাৰতত সংস্থাপন লাভ কৰা NESCৰ ৬০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী জয়ন্ত মল্লৰ
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ "দক্ষ মানুহৰ কেতিয়াও মৰণ নাই। দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়। আমি কেৱল আমাৰ দক্ষতাটো কেনেকৈ সুন্দৰভাৱে এটা ব্যৱস্থাৰ মাজেৰে প্ৰশিক্ষণৰ মাজেৰে আগবঢ়াই নিওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে"- এই মন্তব্য অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।গড়চুকস্থিত উত্তৰ-পূব দক্ষতা চেণ্টাৰ (NESC)ত শিক্ষা প্ৰতিষ্ঠানটিৰ শিক্ষাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

শিক্ষাৰ্থীসকলক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এটা ডাঙৰ সপোন লৈ, সম্ভাৱনা আগত লৈ আমি NESCৰ কাম আৰম্ভ কৰিছিলো। আমি যি ধৰণে চিন্তা কৰি NESC আৰম্ভ কৰিছিলো, সেই কামবিলাক যেন সফলতাৰ দিশেৰে গৈছে সেয়া আমি অনুভৱ কৰিছো।

তেওঁ কয় যে প্ৰথম যেতিয়া আমি এই NESC আৰম্ভ কৰিছিলো, ৪ ট্ৰেডত ইয়াৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। ৪০০ ছাত্ৰ-ছাত্ৰীৰ চীট কেপাচিটীৰে পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। প্ৰথম এটা দুটা বছৰত ৪০,৫০ বা ৬০ জন ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল। ইয়াত যিসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল সকলোৱে সুন্দৰভাৱে প্লেচমেণ্ট লাভ কৰিবলৈ সক্ষম হৈছিল যদিও আমি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা ১০০ শতাংশলৈ লৈ যাব পৰা নাছিলো।

লগতে কয় যোৱা বছৰ ১৯৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল, প্ৰায় ৫০ শতাংশলৈকে আমি গৈছিলো। এইবাৰ আমি ১০০ শতাংশই বিশ্বাসী যে এইবাৰ আমাৰ ৪০০ ছাত্ৰ-ছাত্ৰী হ’ব। ১০০ শতাংশ চীট আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ম। আজি ১৯৬ ৰ ৬০ জন শিক্ষাৰ্থীয়ে বিভিন্ন ভাল সংস্থাত নিযুক্তি লাভ কৰিছে।

কোনোবাই বেংগলুৰু, কোনোবাই উদয়পুৰ, হায়দৰাবাদ, চণ্ডীগড় আদিত সংস্থাপন লাভ কৰিছে। আনহাতে,পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ওলোৱা ১৯৬ৰ বাকীসকল শিক্ষাৰ্থীয়েও খুব কম সময়ৰ ভিতৰতে সংস্থাপন লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। দেশৰ বিভিন্ন প্ৰতিষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ল’ৰা-ছোৱালীসকলে এনেদৰে সংস্থাপন লাভ কৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সন্তোষ প্ৰকাশ কৰাৰ লগতে সংস্থাপন লাভ কৰা শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত উপস্থিত লোকক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে ৰাজ্যত দক্ষতা বিকাশৰ বাবে আৰু আমাৰ দক্ষ শিক্ষাৰ্থীৰ নিয়োগ সুনিশ্চিত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈ অহিছে। ইয়াৰ লগতে মন্ত্ৰী বৰুৱাই প্ৰকাশ কৰে যে ৰাজ্য চৰকাৰৰ অন্যতম লক্ষ্য হৈছে ৰাজ্যখনৰ প্ৰতিটো প্ৰশাসনিক খণ্ডতে বৃত্তিমুখী শিক্ষাৰ প্ৰসাৰ নিশ্চিত কৰি ৰাজ্যখনৰ যুৱ প্ৰজন্মক এক দক্ষ কৰ্মশক্তিলৈ ৰূপান্তৰ কৰা আৰু ইয়াৰ বাবে ৰাজ্যত দক্ষতা শিক্ষাৰ বাবে এক উপযুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰ সংকল্পবদ্ধ।

তদুপৰি,উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে এই বছৰ ১৯৬ গৰাকী শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু এই কেন্দ্ৰত পাঠ্যক্ৰম গ্ৰহণ কৰা ১০০% শিক্ষাৰ্থীয়ে বিভিন্ন নামজ্বলা প্ৰতিষ্ঠানত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানত প্ৰথম পৰ্যায়ত নিযুক্তি পত্ৰ লাভ কৰা এই ৬০ গৰাকী শিক্ষাৰ্থীক উদ্দেশ্যি মন্ত্ৰী বৰুৱাই তেওঁলোক সকলোকে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভাষণত কয় যে যি আশা লৈ ল’ৰা-ছোৱালীখিনি NESCলৈ আহিছিল তেওঁলোকৰ সেই আশা সুন্দৰভাৱে সফল হওঁক আৰু দোপতদোপে উন্নতি কৰি যাওক। তেওঁলোকৰ কৰ্ম অভিজ্ঞতা, বিভিন্ন সেৱাৰ মানদণ্ডই তেওঁলোকক বহুত আগবঢ়াই লৈ যাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰেৰণামূলক ভাষণ দাঙি ধৰে। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ পুনৰ কয় যে ছাৰ্ভিচ চেক্টৰ বা এই ধৰণৰ চেক্টৰত ইমানেই বেছি সুবিধা আছে যে আপোনালোকে আপোনালোকৰ জীৱনটোক সুন্দৰভাৱে সংস্থাপনেই নহয়, আনন্দময় পৰিৱেশৰ মাজেৰে নিয়াৰো সুবিধা আছে।

এই কথাবিলাকে নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব আৰু তেওঁলোকো এনেধৰণৰ শিক্ষাগ্ৰহণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব।মন্ত্ৰীগৰাকীয়ে ভাষণত আৰু কয় যে গোটেই বিশ্বত দক্ষ মানুহৰ কেতিয়াও মৰণ নাই। দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়। কেৱল আমি আমাৰ দক্ষতাটো কেনেকৈ সুন্দৰভাৱে এটা ব্যৱস্থাৰ মাজেৰে প্ৰশিক্ষণৰ মাজেৰে আগবঢ়াই নিওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। পৃথিৱীত এনে কোনো বৃত্তি নাই, যি বৃত্তিত দক্ষ মানুহে নিজৰ সংস্থাপনৰ কাৰণে চিন্তা কৰিব লাগে। গতিকে দক্ষতা থাকিলে কোনো কাৰণতে মানুহৰ অসুবিধা নহয়।

আজি প্ৰত্যেকজন মানুহেই দক্ষ মানুহৰ সন্ধানত থাকো। প্ৰতিটো কামতে আমি কেনেকৈ এজন ভাল মানুহ পাওঁ তাৰেই সন্ধানত থাকে। তেওঁ নিবনুৱা মানুহখিনিক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ পোষকতা কৰি কয় যে যদি আমি পঞ্জীয়নকৃত নিবনুৱা মানুহখিনিক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰো, তেতিয়া আমাৰ নিবনুৱা সমস্যাটো নোহোৱা হ’ব।

মন্ত্ৰীগৰাকীয়ে ভাষণত স্কীল চেনছাছৰ বিষয়ে উল্লেখ কৰি কয় যে আমি অসমত নতুনকৈ স্কীল ছেনছাছ কৰিবলৈ ওলাইছো। ইয়াৰ জৰিয়তে মানুহে কি স্কীল ল’ব বিচাৰে আৰু কি স্কীলৰ মানুহ অসমত আছে তাৰ এটা তথ্য ওলাই পৰিব আৰু আমি তেওঁলোকক দক্ষতা অনুসাৰে যাতে সংস্থাপন দিব পাৰো। অসমত যিসকলে নিজকে নিবনুৱা বুলি পঞ্জীয়ন কৰি থৈছে, তেওঁলোকৰ ওপৰত কৰা হ’ব এই স্কীল ছেনছাছ।

আনহাতে, মন্ত্ৰীগৰাকীয়ে অহা বছৰৰ পৰা অসমত চৰকাৰী আৰু প্ৰাইভেট আই টি আইত নামভৰ্তি বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ২০২৫ চনত মঙলদৈত ১০০০ কোটি টকা বিনিয়োগেৰে আছাম স্কীল ইউনিভাৰচিটী আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। এই অসম দক্ষতা বিশ্ববিদ্যালয়খন হৈ উঠিলে প্ৰতি বছৰে ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক দক্ষতাৰ শিক্ষা দিব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে উত্তৰ-পূব দক্ষতা চেণ্টাৰৰ পৰা ২০২৩-২৪ বৰ্ষত সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ ভাৰততে জনপ্ৰিয় হোটেল ব্ৰেণ্ড যেনে অবেৰয়, গ্ৰেণ্ড হায়াত, ৰেডিচন,ট্ৰাইডেণ্ট, গ্ৰীণ পাৰ্ক হোটেল এণ্ড ৰিজৰ্ট আৰু বেয়াৰফুট ৰিজৰ্ট আদিত সংস্থাপন লাভ কৰা শিক্ষাৰ্থীক মন্ত্ৰীগৰাকীয়ে আজি নিযুক্তি পত্ৰ প্ৰদান কৰে। আজি নিযুক্তি লাভ কৰা ৬০ গৰাকী সফল প্ৰাৰ্থীক মন্ত্ৰীগৰাকীয়ে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ জীৱনৰ এই নতুন অধ্যায়টোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

সমগ্ৰ ভাৰতত সংস্থাপন লাভ কৰা NESCৰ ৬০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী জয়ন্ত মল্লৰ
সেনাই নহয়, এজন সাংবাদিকেহে প্ৰতিৰক্ষা মন্ত্ৰীক দিছিল কাৰ্গিল যুদ্ধৰ খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in