বৰ্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

বৰ্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
Published on
Updated on

ডিজিটেল‌ সংবাদ, শিলচৰ: দীৰ্ঘ দিন ধৰি অসুস্থ হৈ থকা বিজেপিৰ বৰ্ষীয়ান নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ স্বাস্থ্যৰ বুজ ল'লে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বৰাকৰ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ ৩ দিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে শিলচৰত উপস্থিত হোৱা মন্ত্ৰী বৰুৱাই সন্ধিয়া কবীন্দ্ৰ পুৰকায়স্থৰ শিলচৰৰ নতুনপট্টিৰ বাসগৃহত গৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়।

অসম প্ৰদেশ বিজেপিৰ‌ অন্যতম প্ৰতিষ্ঠাতা তথা উত্তৰ পূৱৰ দলৰ পিতামহ পুৰকায়স্থৰ আশু-আৰোগ্য কামনা কৰে মন্ত্ৰী গৰাকীয়ে।কবীন্দ্ৰ পুৰকায়স্থক প্ৰণাম জনাই প্ৰবীণ নেতা গৰাকীৰ আশীৰ্বাদ গ্ৰহণ কৰে জয়ন্ত মল্ল‌ বৰুৱাই।

উল্লেখ্য যে কিছু দিন পূৰ্বে মাইল ষ্ট্ৰোকত আক্ৰান্ত হৈছিল ৯৪ বছৰীয়া কবীন্দ্ৰ পুৰকায়স্থ। ইয়াৰ মাজতে ৩ জুলাইৰ সন্ধিয়া হঠাতে কাঁহ আৰু শ্বাস কষ্টত ভোগা পুৰকায়স্থক লগে লগে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়। মেডিচিন বিভাগৰ আইচিইউত চিকিৎসাধীন বিজেপি নেতা গৰাকী ৩ দিন পিচত সুস্থ হোৱাত মঙলবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হয়। আজি জয়ন্ত মল্ল বৰুৱাৰ সৈতে শিলচৰ আৰু লক্ষীপুৰৰ বিধায়ক ক্ৰমে দিপায়ণ চক্ৰৱৰ্তী আৰু কৌশিক ৰাই আৰু জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়ো উপস্থিত আছিল।

বৰ্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
PRC বিৰ্তকঃ নিযুক্তি পৰীক্ষাত অসমৰ স্থায়ী বাসিন্দাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান এবছুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in