ডিজিটেল সংবাদ, ধেমাজিঃ উৎকট গৰমত জীয়াঢল নদীত গা ধুবলৈ যোৱা ধেমাজি জিলা বৰদলনিৰ দুই ছাত্ৰই দেওবাৰে অকালতে মৃত্যুক সাৱটি লয় ৷ জানিব পৰা মতে বৰদলনিৰ জয়ৰামপুৰৰ বাসিন্দা লোহিত হাজঙৰ পুত্ৰ গৌৰৱ হাজং আৰু নগাঁও দেওঘৰবাৰীৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া কুল গোহাঁইৰ পুত্ৰ সুমন গোহাঁইয়ে লগৰীয়াৰ সৈতে জীয়াধল নদীত গাঁ ধুবলৈ গৈছিল ৷
নদীত গা ধুই থকা অৱস্থাতে গৌৰৱ আৰু সুমন অকস্মাতে দ’ পানীত পৰি যায় ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু এচডিআৰএফৰ জোৱানৰ সহযোগত ছাত্ৰ দুজনক উদ্ধাৰ কৰা হয় ৷ এজন ছাত্ৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আনজন ধেমাজিৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷
বৰদলনি লিটিল গড্ মডেল স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ দুজনৰ আকস্মিক মৃত্যুত বৃহত্তৰ বৰদলনি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷ উল্লেখ্য যে পূৰ্বেও জীয়াধল নদীত গা ধুবলৈ যোৱা কেইবাজনো যুৱকে অকাল মৃত্যুক সাৱটি লৈছে ৷