ডিজিটেল সংবাদ বটদ্ৰৱাঃ দিব্যাংগ ব্যক্তিক শিক্ষক নিযুক্তি দিয়াৰ নামত ধন লৈ বটদ্ৰৱাত চাকৰিৰ দালাল গ্ৰেপ্তাৰ হোৱাৰ ঘটনাত অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে।আজি গ্ৰেপ্তাৰ হোৱা স্বয়ম্ভূ নেতা মুস্তাফা কামালৰ বিৰুদ্ধে বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ নামতো লাখ লাখ টকা উৎকোচ লোৱাৰ অভিযোগ আছে।
ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বন কৰি থকাৰ সময়তে ৰাজ্যত চৰকাৰী বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত নামত ধন লোৱা বৃহৎ চক্র গ্ৰেপ্তাৰ হৈছে। এইবাৰ বটদ্ৰৱাত দিব্যাংগ শিক্ষকৰ চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ হৈছে দিব্যাংগ মঞ্চ অসমৰ নামৰ এটা সংগঠনৰ নেতা মুস্তাফা কামাল আহমেদ।
বটদ্ৰৱা সমষ্টিৰ মাজগাঁৱৰ ড০ ভূপেন হাজৰিকা বিশেষ দিব্যাংগ আৰু শিশু বিদ্যালয় নামৰ শিক্ষানুষ্ঠানখন প্ৰাদেশিকীকৰণ কৰি ৮ গৰাকী (বিশেষ ভাৱে সক্ষম) শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰী চাকৰি নিযুক্তি দিয়া হ'ব বুলি মুঠ ১ লাখ ৬৯ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ হৈছে মোস্তাফা কামাল আহমেদ। ইফালে উক্ত বিষয় সন্দৰ্ভত পুস্পেন্দ্ৰ কলিতা নামৰ এগৰাকী শিক্ষকে বিগত ৭ অক্টোবৰত বটদ্ৰৱা আৰু জাজৰি আৰক্ষী থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰাত আজি বটদ্ৰৱা আৰক্ষীয়ে বটদ্ৰৱা পুৰণি বাছ আস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে স্বয়ম্ভূ নেতা গৰাকীক।
আনহাতে আটকাধীন মুস্তাফা কামালে সাংবাদিকক কয়, তেওঁ ষড়যন্ত্ৰৰ চিকাৰ হৈছে।লগতে গাঁওৰক্ষী বাহিনীৰ দুজন সদস্যই চক্ৰান্তৰে তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য প্ৰদান কৰে। উল্লেখ্য যে, বিগত ২০১২ চনত বটদ্ৰৱাৰ শান্তিজানৰ ভূমি বেদখলৰ বিষয়ত বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীক প্ৰানে মৰাৰ ভাবুকি দিয়াৰ লগতে বটদ্ৰৱাৰ শান্তিজানৰ ভূমি বেদখলৰ বাতৰি পৰিবেশন কৰা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিককো প্ৰানে মৰাৰ ভাবুকি দিছিল এই দিব্যাংগ মঞ্চ অসমৰ স্বয়ম্ভু নেতা মুস্তাফা কামালে।
এই গৰাকী মুস্তাফা কামালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই বিভিন্ন জনে আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে, স্থানীয় ৰাইজে যোৱা ২১ মে'ত সমগ্ৰ দেশ জোকাৰি যোৱা বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ লগতো মুস্তাফা কামাল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।