ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ৰাষ্ট্ৰপতি নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে দেওবাৰে নিশা সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। বাইডেনে কয় যে দেশৰ হিতৰ স্বাৰ্থত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
— Joe Biden (@JoeBiden) July 21, 2024
বাইডেনে সামাজিক মাধ্যমত এটা পোষ্টোযোগে কয় যে ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁৰ কাৰ্যকাল শেষ নোহোৱালৈকে তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিজৰ ভূমিকা অব্যাহত ৰাখিব।
সামাজিক মাধ্যমযোগে তেওঁ লগতে কয় যে, ৰাষ্ট্ৰপতি হিচাপে দেশক বিগত সময়ছোৱাত সেৱা আগবঢ়াব পৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান। তেওঁ লগতে কয় যে, ডেম'ক্রেটিক পার্টি আৰু জাতিৰ স্বাৰ্থত ৰাষ্ট্ৰপতি হিচাপে বাকী থকা কার্যকালৰ কৰ্তব্যত মনোনিৱেশ কৰাটো তেওঁৰ বাবে এতিয়া মূল লক্ষ্য।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, তেওঁ চলিত সপ্তাহতে দেশবাসীৰ সৈতে নিজৰ সিদ্ধান্তৰ বিষয়ে অধিক বিশদভাৱে কথা পাতিব। সমান্তৰালকৈ, ৰাষ্ট্রপতি বাইডেনে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি হিচাপে সমর্থন কৰাৰ কথাও সামাজিক মাধ্যমযোগে সদৰি কৰে। উল্লেখযোগ্য যে, অহা নবেম্বৰ মাহত আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব।
My fellow Democrats, I have decided not to accept the nomination and to focus all my energies on my duties as President for the remainder of my term. My very first decision as the party nominee in 2020 was to pick Kamala Harris as my Vice President. And it’s been the best… pic.twitter.com/x8DnvuImJV
— Joe Biden (@JoeBiden) July 21, 2024
Also Read: সুখবৰ: পেৰিছ অলিম্পিকৰ ভাৰতীয় দলক বিচিচিআইৰ ৮কোটি ৫০লাখ টকা...