ডিজিটেল ডেস্কঃ যোৰহাট আৰক্ষীৰ সফলতা। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আই ই ডি সংস্থাপন কৰাৰ অপৰাধৰে জড়িত মানৱ কলিতা নামৰ যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। ধাৰাবাহিক তদন্তৰ অন্তত হোজাই কাকীৰ পৰা অভিযুক্ত যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে। গুৱাহাটীত কেইবাটাও স্থানত আই ই ডি সংস্থাপন কৰাৰ ক্ষেত্ৰত অভিযুক্ত মানৱক যোৰহাট আৰক্ষীয়ে গতাই দিব গুৱাহাটী আৰক্ষীক।
উল্লেখ কৰা প্ৰয়োজন যে, আলফাৰ হৈ বোমা সংস্থাপন কৰা বিষয়টোক লৈ যোৱা শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই তদন্ত অতি ক্ষিপ্ৰতাৰে আগবঢ়াৰ কথা সদৰি কৰিছিল সিঙে। আৰক্ষী সঞ্চালক প্ৰধানৰ মতে চুবুৰীয়া ৰাজ্যৰ লোকো জড়িত আছিল এই ঘটনাত।
শনিবাৰে গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়,"ঘটনা সন্দৰ্ভত যথেষ্ট অগ্ৰগতি হৈছে । কেইবাজনো লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছো । শিৱসাগৰত বোমা সংস্থাপন কৰা লোকক আমি কৰায়ত্ত কৰিছো । গুৱাহাটীতো আমি কেইবাজনকো কৰায়ত্ত কৰিছো । অসমত বোমা সংস্থাপন কৰা কেইবাজনৰো লিংক বহিঃৰাজ্যৰ লগত আছে ।
তেওঁ লগতে কৈছিল- আমি গোটেই নেটৱৰ্কৰ তথ্য লাভ কৰিছো । অতি সোনকালে আৰক্ষীয়ে সকলোকে কৰায়ত্ত কৰিব । মই আশা কৰিছো কম দিনৰ ভিতৰত যিসকল মানুহে সংস্থাপন কৰিছিল আৰু এই ঘটনাত জড়িত আছিল কৰায়ত্ত কৰিবলৈ সক্ষম হ'ম ।কিছুমান লোক চুবুৰীয়া ৰাজ্যৰ আছিল । তেওঁলোকৰ নাম আমি লাভ কৰিছো । আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে আমি ল'বলৈ সক্ষম হ'ম ।"
উল্লেখ্য যে, এইবেলি স্বাধীনতা দিৱসৰ দিনটোত আলফা (স্বাধীন)ৰ প্ৰেছ বিজ্ঞপ্তি ৰাজহুৱা হোৱাৰ পাছতে হাহাকাৰ লাগিছিল অসম আৰক্ষীৰ। গুৱাহাটীৰ ৮ ঠাইত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে সদৰি কৰিছিল। ৱাহাটী মহানগৰীৰ লগতে লখিমপুৰ, নলবাৰী, শিৱসাগৰ, ডিব্ৰুগড়, নগাওঁ আদিৰ ভিন্ন স্থানত নিষিদ্ধ ঘোষিত সংগঠন আলফা, স্বাধীনে সংস্থাপন কৰাৰ কথা ৰাজহুৱা কৰিছিল। অৱশ্যে সকলো স্থানৰ পৰা আৰক্ষীয়ে নিৰাপদে উক্ত বোমাসমূহ নিষ্ক্ৰিয় অৱস্থাত উদ্ধাৰ কৰিছিল।
Also Read: ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনঃ ১৯ গৰাকী প্ৰাক্তন আলফা সদস্যক আৰক্ষীৰ তলব...