/asomiyapratidin/media/media_files/2025/07/26/new-ap-web-3-2025-07-26-22-49-31.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাটৰ সৰ্বাইবন্ধাত শুকুৰবাৰে সংঘটিত হয় ছাত্র অপহৰণৰ এক চাঞ্চল্যকৰ ঘটনা। বিয়লি টিউচন কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত ৰাজদ্বীপ কলিতা নামৰ পোন্ধৰ বছৰীয়া ছাত্ৰক চাৰিজন অচিনাক্ত যুৱকে অপহৰণৰ চেষ্টা কৰে | দুৰ্বৃত্ত কেইটাই যোৰহাট বাল্যভৱন বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰ ৰাজদ্বীপ কলিতাক মটৰচাইকেলত উঠাই নিব বিছাৰোতেই স্থানীয় ৰাইজে চিঞৰ বাখৰ কৰে। লগতে ৰাইজে দুৰ্বৃত্তৰ মটৰচাইকেলখন জোৰ কৰি ৰখাই ছাত্ৰ জনক উদ্ধাৰ কৰে |
উল্লেখযোগ্য যে, ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হোৱা যুৱক দুজনক অনলাইন গেম খেলি ৫০০ টকা দিবলৈ আছিল ছাত্ৰজনে। ১০০ টকা দি পিছত ৪০০ টকা দিম বুলি কৈছিল ৰাজদ্বীপে| ইয়াৰ পিছতে দুই যুৱকে ছাত্ৰজনক মটৰচাইকেলত উঠাই নিবলৈ উদ্যত হৈছিল| ইতিমধ্যে ছাত্ৰজনে দুই যুৱক হামিদ আৰু জয় দাস বুলি চিনাক্ত কৰিছে | দুই যুৱকৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যে দুই যুৱকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে |