ডিজিটেল ডেস্ক : অব্যাহত আছে জোনমণি ৰাভা মৃত্যুৰ সন্দৰ্ভত চি বি আইৰ তদন্ত। বিগত সময়ত লখিমপুৰ, গহপুৰ আদিত উপস্থিত হৈ চি বি আইয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰাৰ সমান্তৰাল ভাবে নগাঁওৰ আৱৰ্ত্ত ভৱনত সাক্ষাৎ কৰিছিল কেইবাজনো লোকক। ইয়াৰ মাজতে জোনমণি ৰাভাৰ মাতৃও হাজিৰ হৈছিল চি বি আইৰ সন্মুখত।
বুধবাৰে ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে জখলাবন্ধা থানাত উপস্থিত হয় চি বি আইৰ দলটি। এছ আই ৰাভাৰ সন্দেহজনক মৃত্যুৰ তদন্তৰ বাবে ঘটনাৰ পাছত উক্ত স্থানৰ পৰা ৰাভাৰ গাড়ী কঢ়িয়াই অনা ক্রেনখনৰ চালক ৰমেশ গুৱালা, ক্রেনখনৰ হেণ্ডিমেন ৰাজু নেৱাৰ, অমেষ চাওতালক সোধা–পোছা কৰে চি বি আইয়ে। তদুপৰি এম্বুলেঞ্চৰ চালকজনকো সোধা–পোছা কৰিব দলটোৱে।
উল্লেখ্য যে, চি বি আইৰ ডি আই জি লাভলী কাটাৰীয়াৰ নেতৃত্বৰ চি বি আইৰ দলটিয়ে নাওবৈচাত নকল সোণৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে জোনমণি ৰাভাই ব্যৱহাৰ কৰা ব্যক্তিগত ব'লেৰ গাড়ীখন কাৰ নিৰ্দেশত লৈ গৈছিল সেই তথ্যৰ সন্ধানত মঙলবাৰে নগাঁও আৰক্ষীৰ এম টি অ’ক জেৰা চলাইছিল ৷ উক্ত বলে'ৰ গাড়ীখনৰ স্বত্বাধিকাৰী হ'ল বিতৰ্কিত নকল সোণ, নকল টকাৰ সৰবৰাহকাৰী ৰিয়াজুল ইছলাম। যাৰ বাবে পৰৱৰ্তী পৰ্যায়ত চি বি আই তদন্তত কি তথ্য পোহৰলৈ আহে বাট চাই ৰৈছে অসমবাসী।
Also Read: ইণ্ডিয়া টুডে ৰেংকিঙত ১২২ তম স্থানত ফৰকাটিং মহাবিদ্যালয়