চবিত বিষ্ট
নি:শব্দ সময়!
তই ৰৈ যা আৰু নিৰৱ-বহ্নিমান তোৰ চৰিত্ৰ
সলাই দে,
একাঁজলি ৰ'দ লৈ
মই এই নি:শব্দতাক চুই চাব বিছাৰো
নিজৰ স'তে কথা পাতিব বিছাৰো, আৰু
কৰিব বিছাৰো অন্তৰংগ আলাপ, তোৰ স'তে।
কিয়নো, জীৱনৰ উদ্দেশ্য মহৎ
সৌন্দৰ্য অপৰিসীম
দুচকু আৰু দুহাতে
সামৰি শেষ কৰিব পৰা নাই অ'!
চৌদিশে মাত্ৰ দেখোঁ-
সেউজীয়া, সেউজীয়া
আৰু সীমাহীন সেউজীয়া, তোৰ ইপাৰ-সিপাৰ।
ইয়াৰ গভীৰতা ভেদী
অন্তহীন সপোন আৰু
মানৱতাৰ জয়গানেৰে
হৃদয় খুলি ক'ব বিছাৰো-
জীৱন জিন্দাবাদ!
জীৱন জিন্দাবাদ!!
আৰু পঢ়কঃ কবিতা ১৪৭/ এই দিন