ডিজিটেল সংবাদ ধুবুৰীঃ পোহৰৰ উৎসৱ দ্বীপান্বিতাৰ লগতে সমগ্ৰ ধুবুৰী জিলাত আজিৰ পৰা বিভিন্ন কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কালী মন্দিৰত আজিৰ পৰা বৈদিক ৰীতিনীতিৰে দুদিনীয়া কাৰ্যসূচীৰে পূজা অনুষ্ঠিত কৰাৰ লগতে ধৰ্মীয় কাৰ্যসূচীৰ সমান্তৰালকৈ অন্যান্য কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে।
জিলাখনৰ শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত বহলপুৰ তটপাৰা কালী মন্দিৰত আজিৰে পৰা ২৭ অক্টোবৰলৈ চাৰিদিনীয়াকৈ কালীপূজাৰ আয়োজন কৰা হৈছে। একেদৰে চাপৰ দক্ষিণেশ্বৰী কালী মন্দিৰ, শালকোচাৰ ইছিলামাৰী কালী মন্দিৰ,বিলাসীপাৰা কালীবাৰী.শ্ৰীশ্ৰী গোপীনাথ আৰু জিউ মন্দিৰ আদিতো আড়ম্বৰভাবে কালী পূজা দিপাৱলী অনুষ্ঠিত হৈছে।
আনহাতে আজি পুৱাৰে পৰা হোৱা ঘূৰ্ণীবতাহ আৰু নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ধুবুৰী জিলাত কালী পূজা আৰু দীপাৱলীৰ উছাহত ম্লান পৰা পৰিলক্ষিত হৈছে। বৰষুণৰ ফলত ঘৰৰ পদুলিমুখত মাটিৰ চাকি প্ৰজ্বলনৰ ক্ষেত্ৰতো সমস্যাৰ সম্মুখীন হৈছে।
সন্ধিয়াৰ সময়ত প্ৰায়বোৰে ঘৰৰ ভিতৰতে চাকি জ্বলাই পৰম্পৰা ৰক্ষা কৰি থকা দেখা গৈছে।