ডিজিটেল সংবাদ, পাটাছাৰকুছি : উৎসাহ আৰু উদ্দীপনাৰে বজালী জিলাৰ অন্তৰ্গত বিলপাৰ, নিজ ষাঠিশামুকাত কালী পূজা উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে৷ মহেন্দ্ৰ দাসক সভাপতি, খগেন্দ্ৰ চৌধুৰী আৰু ভবানন্দ কলিতাক উপসভাপতি, বিপুল চৌধুৰীক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।
একেদৰে এই সমিতিত কৈলাশ তালুকদাৰ আৰু হীৰক তালুকদাৰক সহকাৰী সম্পাদক হিচাপে লোৱা হৈছে। ইতিমধ্যে পূজা পৰিচালনা সমিতিয়ে পূজাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে৷
পূজাত বিভিন্ন ধৰণৰ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে৷ পূজাৰ প্ৰথম দিনা অৰ্থাৎ ৩১ অক্টোবৰত পূজাৰ দ্বাৰ মুকলি, ধৰ্মধ্বজা উত্তোলন, প্ৰয়াত উদ্যোক্তাসকলক শ্ৰদ্ধাঞ্জলি নিবেদন, গছপুলি ৰোপন, ছহিদ তৰ্পণ, পূজা উদ্বোধন, দিপান্বিতা উৎসৱ উদ্বোধন কৰা হ’ব। একেদিনাই আতচবাজী প্ৰদৰ্শন আৰু উদ্বোধনী সভা তথা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ নিশা জলাহৰণ, নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ কৰা হ’ব৷
দ্বিতীয় দিনা দিহানাম প্ৰতিযোগিতা, ৰাজহুৱা ভোগ গ্ৰহন, অসমীয়া আৰু বড়ো সংগীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ ২নবেম্বৰত বিয়া নাম প্ৰতিযোগিতা, ভোগ গ্ৰহন, ঢুলীয়া প্ৰদৰ্শন, ৰাভা সংগীত আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷
৩ নবেম্বৰত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, ঢুলীয়া প্ৰদৰ্শন আৰু বাউখুংগ্ৰী মিনি থিয়েটাৰৰ দ্বাৰা বড়ো নাট পৰিবেশন কৰা হ’ব ৷ ৪ নবেম্বৰত আয়তীৰ নাম প্ৰসংগ, ঢুলীয়া প্ৰদৰ্শন আৰু নৱৰূপ নাট্যগোষ্ঠীৰ দ্বাৰা অসমীয়া নাট প্ৰদৰ্শন কৰা হ’ব৷
আনহাতে ৫ নবেম্বৰত বিশিষ্ট ব্যক্তিৰ সম্বৰ্ধনা আৰু অন্তৰ’গ আলাপ অনুষ্ঠানৰ পিচতে সন্ধিয়া মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ নিশা সাংস্কৃতিক অনুষ্ঠানেৰে পূজাৰ সামৰণি মৰা হ’ব।
Also Read: ব্যৰ্থ গোলাঘাট বন বিভাগঃ বনৰীয়া হাতীৰ উপদ্ৰৱত জনসাধাৰণৰ হাঁহাকাৰ...