নদীৰ জলপৃষ্ঠ বিপদসীমাৰ তলেৰে বৈ থকা স্বত্বেও পানীৰ কৱলত ২খন গাঁও, ক'ত গ'ল উন্নয়নৰ টকা...

নদীৰ জলপৃষ্ঠ বিপদসীমাৰ তলেৰে বৈ থকা স্বত্বেও পানীৰ কৱলত ২খন গাঁও, ক'ত গ'ল উন্নয়নৰ টকা...
Published on
Updated on

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাংচকী গাওঁ পঞ্চায়তৰ চাংচকী গৰুবাট গাওঁ আৰু চাংচকী মিকিৰগাঁও ৰাজহ গাঁও বানপানীৰ কবলত। গাঁও কেইখন একেৰাহে দ্বিতীয়বাৰৰ বাবে বানপানীৰ কবলত পৰাৰ লগতে কপিলীৰ দক্ষিণ পাৰৰ বৰচুঙৰ পৰা বকুলগুৰিলৈকে সৰ্বসাধাৰণ ৰাইজ তীব্ৰ আশঙ্কাত আছে ।

উল্লেখযোগ্য যে চাংচকী গাওঁ পঞ্চায়ত এলেকাৰ কপিলীৰ দক্ষিণপাৰৰ গৰুবাট আৰু মিকিৰগাওঁ ৰাজহগাঁৱৰ প্ৰায় ৪কিলোমিটাৰ মথাউৰি মেৰামতিৰ বাবে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষতে এম.জি.এন.ৰেগা আঁচনিৰ জৰিয়তে টকা আবণ্টন হৈছিল। পঞ্চায়ত সভানেত্ৰীগৰাকীৰ অধীনত ১৫লাখ আৰু আঞ্চলিক সদস্যাগৰাকীৰ অধীনত ৯লাখ টকা সৰ্বমুঠ ২৪লাখ টকা আবণ্টন হৈছিল।

কিন্তু এই আঁচনিৰ ধন সদব্যৱহাৰ নোহোৱাৰ অভিযোহ উত্থাপন কৰিছে স্থানীয় ৰাইজে। যাৰ ফলত নদীৰ জলপৃষ্ঠ বিপদসীমাৰ তলেৰে বৈ থকা স্বত্বেও বানপানীৰ কবলত পৰিছে ৰাজহ গাওঁ দুখনৰ লোকে অভিযোগ তৰিছে।

যোৱা ২০২০-২১ বৰ্ষত সৰ্বসাধাৰণ ৰাইজৰ লগতে বৰ্তমানৰ সভানেত্ৰীগৰাকীকো আভূৱা মাৰি ঠিকাদাৰ ৰূপী প্ৰাক্তন পঞ্চায়ত সভাপতি (২০১৩- ২০১৮বৰ্ষ)গৰাকীয়ে আঁচনিৰ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত পূৰ্বে স্থানীয় ৰাইজে বিভাগীয়ভাৱে বহু আবেদন নিবেদন কৰিছিল যদিও বৰ্তমানলৈকে কোনো সুফল নাপালে।

বৰ্তমান বানপীড়িত ৰাইজে অঞ্চলটোৰ বানপানীৰ স্থায়ী সমাধানৰ লগতে বিশেষভাৱে মথাউৰি মেৰামতিৰ বাবে পূৰ্বতে ধাৰ্য কৰা আঁচনিৰ ধনৰ ব্যৱহাৰৰ চৰজমিন তদন্ত কৰি বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in