ডিজিটেল সংবাদ,কামপুৰঃ এগৰাকী ছ বছৰীয়া কন্যা সন্তানৰ মাতৃয়ে এতিয়া ন্যায় বিচাৰি জনাইছে কাতৰ আহ্বান।স্বামী আৰু শাহুৰ নানান অত্যাচাৰৰ বলি হোৱা ৬ বছৰীয়া কণমানি শিশুৰ মাতৃ এগৰাকীৰ কৰুণ কাহিনীয়ে কামপুৰ-কঠীয়াতলী অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ স্বামীৰ অত্যাচাৰৰ বলি হোৱা লীনা শৰ্মা সম্প্ৰতি কামপুৰস্থ পিতৃ গৃহত শিশু সন্তানটি লৈ আশ্ৰয় লৈছে ৷
অভিযোগ মতে কামপুৰৰ পাচনিজাৰৰ নিবাসী লীনা শৰ্মাই কঠীয়াতলীৰ জ্যোতি নগৰৰ বিকাশ শৰ্মাৰ লগত ১২ বছৰ পূৰ্বে প্ৰেম বিবাহত আৱদ্ধ হৈছিল ৷ তাৰ পিছত লীনা শৰ্মাৰ গৰ্ভত এটি সন্তান স্থিতি লোৱা গম পাই স্বামী বিকাশ শৰ্মা আৰু শাহুৱে সন্তানটিক নষ্ট কৰিবলৈ নানান চতুৰালিত লিপ্ত হয় ৷ সন্তানটি নষ্ট নকৰি লীনা পিতৃ গৃহলৈ গুচি আহি এটি ছোৱালী সন্তান জন্ম দিছিল ৷
ইয়াৰ পিছতে কৰ্ম সূত্ৰে গুৱাহাটীৰ নুনমাটিত থকা বিকাশে ফেচবুকত কেবাটাও ফেক একাউন্ট খুলি পত্নী লীনাক অশুভনীয় বাৰ্তা পঠিয়াই লীনাৰ চৰিত্ৰ বেয়া বুলি বদনাম কৰে ৷ ইপিনে লম্পট চৰিত্ৰৰ বিকাশ শৰ্মাই গোপনে আন এগৰাকী মহিলাৰ লগতো অবৈধ সম্পৰ্ক গঢ়ি তোলা কথাটো লীনাই জানিব পাৰে ৷ লম্পট স্বামী বিকাশে মাজে সময়ে নিজ ঘৰতে আহি পত্নীৰ ওপৰত অযথা মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷
কিছু দিন পূৰ্বে লীনাই স্বামী সৈতে সন্তান টিক লগত লৈ শুই থকা অৱস্থাত এটি সৰু ভিডিও বনােৱাত বিকাশে লীনাক গুৰুলা গুৰুলকৈ মাৰপিট কৰি অত্যাচাৰ চলায় ৷ উপায়হীন হৈ লীনাই কঠীয়াতলী আৰক্ষী চকীত আহি এজাহাৰ দিয়াত পুলিচে লীনাক লগত লৈ বিকাশ শৰ্মাক আটক কৰি থানাত নি কিছু দাবী ধমকি দি স্বামী-স্ত্ৰীক মিলাই দিয়ে ৷
আৰক্ষীয়ে বিকাশৰ শাৰীৰিক পৰীক্ষা কৰি পত্নীৰ লগত সুখৰ সংসাৰ কৰিবলৈ পৰামৰ্শ দি পত্নীৰ সৈতে সু শৰীৰে পত্ৰত স্বাক্ষৰ ৰাখি বিকাশৰ মাতৃৰ উপস্থিতিত ঘৰত যাব দিয়ে ৷ কিন্তু পুলিচে বিকাশক মাৰপিট কৰি হাত-ভৰি ভাঙি পঙ্গু কৰিছে বুলি প্ৰায় দুদিন পিছত মিছা অভিযোগ তুলি এটা ৱেব পৰ্টেলত আৰু দুই এটা সংবাদ মাধ্যমত বাতৰি পৰিবেশন কৰে।
পুলিচে স্বামী বিকাশ শৰ্মাক মাৰপিট কৰাৰ কথাটো ৰাজহুৱা কৈ স্বীকাৰ নকৰিলে পত্নী লীনাক বিকাশে গ্ৰহণ নকৰে বুলি উল্লেখ কৰি চৰম ভাবুকি দিয়ে ৷ আনকি বিকাশে গুৱাহাটীৰ অবৈধ পত্নীৰ লগত মিলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বিবাহ বিচ্ছেদ পত্ৰ প্ৰেৰণ কৰে। বৰ্তমান ভুক্তভোগী লীনা শৰ্মাই ন্যায় বিচাৰি কাঁতৰ আহ্বান জনাইছে।