কন্যকা বহুমুখী পামৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন...

সভাপতিৰ আসন অলংকৃত কৰে কন্যকাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিধায়ক পদ্ম হাজৰিকাই

author-image
Asomiya Pratidin
New Update
কন্যকা বহুমুখী পামৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন...

কন্যকা বহুমুখী পাম

ডিজিটেল সংবাদ,নদুৱাৰঃ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ বাৰ্ষিক সাধাৰণ সভা সোমবাৰে অনুস্থিত হৈ যায় ৷ প্ৰায় ১০০ গৰাকী সদস্যৰ উপস্থিতিত কৃষি পাম খনৰ সভাকক্ষত অনুষ্ঠিত সভাৰ সভাপতিৰ আসন অলংকৃত কৰে কন্যকাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক, বিধায়ক পদ্ম হাজৰিকাই ৷

সভাৰ সভাপতিৰ আসন অলংকৃত কৰে পদ্ম হাজৰিকাই
সভাৰ সভাপতিৰ আসন অলংকৃত কৰে পদ্ম হাজৰিকাই

সভাত বিগত কাৰ্যকালৰ খতিয়ান দাঙি ধৰে পামখনৰ সাধাৰণ সম্পাদক মতি কুমাৰ নেৱাৰে ৷সাধাৰণ সম্পাদকগৰাকীয়ে আয় ব্যয়ৰ হিচাবসমূহ দাখিল কৰি কয় যে, পৰ্যটকৰ আকৰ্ষণ স্থলী হিচাবে গঢ়ি তোলা কন্যকাত ৫হেজাৰতকৈ অধিক যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি ১০জনীয়া প্ৰতিটো গোটক পশুপালন ,মীন পালন ,দুগ্ধ উৎপাদন ,মৌ পালন,আৰু অন্যান্য কৃষি কৰ্মৰ প্ৰশিক্ষন প্ৰদান কৰি তেওঁলোকক অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল কৰি তোলা হৈছে ৷

দুপৰীয়াৰ আহাৰ বৃদ্ধ বৃদ্ধাৰ লগত
দুপৰীয়াৰ আহাৰ বৃদ্ধ বৃদ্ধাৰ লগত

কন্যকাই নিজাববীয়াকৈ প্ৰায় ৫ হেজাৰ বিঘা মাটিত কৃষি কৰ্মৰ লগতে ৫২৫ জনী উন্নত প্ৰজাতিৰ গাই গৰু ,৪০ জনী গুজৰাটী মহ , প্ৰায় ৭০০ বিঘা মাটিত পুখুৰী খন্দাৰ লগতে ২খনকৈ মাছৰ পোনা উৎপাদন কেন্দ্ৰ স্থাপন কৰি বছৰি ১০ কোটি পোনা উৎপাদন কৰা হৈছে ৷ ৮০ টা উন্নত প্ৰজাতিৰ গাহৰি আৰু দৈনিক ৪হেজাৰ মুৰ্গী কনী উৎপাদন কৰি অহা হৈছে ৷ইয়াৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ বাবে থলুৱা বাঁহ আৰু খেৰৰে ১০ খনকৈ কটেজ নিৰ্মান কৰি উন্নতমানৰ অতিথিশালা নিৰ্মান কৰাৰ লগতে দেশী বিদেশী খাদ্যসম্ভাৰ সম্বৃদ্ধ দুখন ৰেষ্টুৰেণ্ট স্থাপন কৰা হৈছে ৷ইয়াৰোপৰিও শিশু সকলৰ মনোৰঞ্জনৰ বাবে এখন আটকধুনীয় শিশু উদ্যান নিৰ্মাণ কৰি দিয়া হৈছে।

বিধায়ক পদ্ম হাজৰিকাই বৃদ্ধ বৃদ্ধাসকলৰ চৰণত সেৱা লয়
বিধায়ক পদ্ম হাজৰিকাই বৃদ্ধ বৃদ্ধাসকলৰ চৰণত সেৱা লয়

আগুন্তুক দিনত ১ হেজাৰ মৌ বাকচৰ ব্যৱস্থা কৰা আৰু হাৰবেল গাৰ্ডেন স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ কন্যকাত এইবাৰ দৈনিক ১০ হেজাৰ কনী উৎপাদনৰ প্ৰস্তুতি লোৱাৰ লগতে উন্নত মানৰ ৪০০ আৰু নতুন গাই গৰু অনাৰ ব্যৱস্থা কৰা হ'ব ৷ পৰ্যটক তথা স্থানীয় ৰাইজৰ বিনোদনৰ বাবে এক বৃহৎ ৰংগমঞ্চ নিৰ্মানৰ পৰিকল্পনা কৰা লগতে হাতী আৰু ঘোঁৰা চাফাৰী আৰু বৰশী বোৱাৰ ব্যৱস্থা কৰা হ'ব ৷

স্থানীয় ৰাইজৰ অৰ্থনৈতিক উন্নয়নৰ বাবে নিড বেচ ট্ৰেইনিং আৰু চাপৰ্ট চিষ্টেম ডেভেলপমেণ্ট ৰ ব্যৱস্থা কৰা হ'ব ৷ সভাপতিৰ ভাষণত বিধায়ক গৰাকীয়ে কয় যে, সমাজ নিৰ্মাণৰ বাবে ব্যক্তি নিৰ্মাণৰ মহাযজ্ঞলৈ পৰ্যবসিত হ'বলৈ ভৰলীপৰিয়া কন্যকা বহহুমূখী পাম এখন মহাযজ্ঞ হৈ পৰিব ৷ ইয়াৰ পিছতে বিধায় পদ্ম হাজৰিকাই আজি দুপৰীয়াৰ আহাৰ একেলগে গ্ৰহন কৰে সমষ্টিটোৰ বৰদিকৰাই অঞ্চলৰ সত্তোৰ উৰ্দ্ধৰ ১০০ গৰাকীৰো অধিক বৃদ্ধ বৃদ্ধাৰ লগত ৷

কন্যকা বহুমুখী পাম
কন্যকা বহুমুখী পাম

তাৰ পিছত বিধায়ক পদ্ম হাজৰিকাই উক্ত বৃদ্ধ বৃদ্ধাসকলৰ চৰণত সেৱা লয় আৰু তেওঁলোকে বিধায়ক গৰাকী হৰিনাম ধ্বনিৰে হিয়া আজুৰি আশীৰ্বাদ প্ৰদান কৰে ৷ প্ৰতি গৰাকী বৃদ্ধ বৃদ্ধাক বিধায়কগৰাকীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কন্যকাৰ উৎপাদিত সামগ্ৰীৰ উপহাৰ প্ৰদান কৰে।

আৰু পঢ়কঃ কিয় হোৱা নাই নিযুক্তি ? দেশৰ তিনিওটা সেনাবাহিনীত ডেৰ লাখ পদ খালী...

assam sonitpur padma hazarika kanyaka