কপিলীৰ খহনীয়াৰ কবলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শিলবান্ধ

কপিলীৰ খহনীয়াৰ কবলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শিলবান্ধ
Published on
Updated on

ডিজিটেল সংবাদ,কামপুৰঃ কামপুৰত বানৰ পিছত কপিলীৰ খহনীয়াই নৈপৰীয়া ৰাইজক চিন্তিত কৰি তুলিছে। সমষ্টি পুনঃৰ্নিধাৰণৰ পিছত ৰহা সমষ্টিৰ পৰা বঢ়মপুৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা কামপুৰৰ গাৰোখুন্দা পঞ্চায়তৰ বৰচুঙত কপিলীৰ খহনীয়াৰ কবলত পৰিছে জলসম্পদ বিভাগে বিগত বৰ্ষত নিৰ্মাণ কৰা এটা শিলবান্ধ।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, জলসম্পদ বিভাগৰ অধীনত বিগত বৰ্ষত ৬ কোটি টকা ব্যয় সাপেক্ষে ৬০০ মিটাৰ দৈৰ্ঘ্যৰ উক্ত শিলবান্ধটো বৰচুঙত নিৰ্মাণ কৰা হৈছিল। শিলবান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত নৈপৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল। কিন্তু এটা বছৰৰ পিছত আজি বান্ধটোৰ প্ৰায় ২৫ মিটাৰ খহাই নিয়াৰ লগতে কেইবা ঠাইতো ফাট মেলি বহি যোৱাত শংকিত হৈ পৰিছে বৰচুং গাঁওবাসীৰ লগতে নৈপৰীয়া ৰাইজ।

নিৰ্মাণৰ এটা বছৰৰ পিছতে শিলবান্ধটো কিয় খহিব লগা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰি স্থানীয় ৰাইজে নিৰ্মাণৰত সময়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ৰাইজে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক শিলবান্ধটোৰ সন্দৰ্ভত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

কপিলীৰ খহনীয়াৰ কবলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শিলবান্ধ
পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে ঢকুৱাখনাৰ আৰক্ষী জোৱানে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in