ডিজিটেল সংবাদ, জামুগুৰিহাট: ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ টুপিয়া পাচ গাঁও সামূহিক ভৱন চৌহদতো দেওবাৰে নিশা অনুষ্ঠিত হয় আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ কৰম উৎসৱ৷ দক্ষিণ মুঢ়াদল আৰু উত্তৰ চিলাবন্ধা গাঁওপঞ্চায়ত এলেকাৰ এই জনগোষ্ঠীৰ লোকসকলে আয়োজন কৰা প্ৰথম বাৰ্ষিক কৰম উৎসৱ উপলক্ষে সন্ধিয়া যুৱক-যুৱতী আৰু মহিলাসকলে মাংগলিক নীতি নিয়মৰে আনি কৰম ডাল পূঁজা থলীত পুতি পূঁজা অৰ্চনা কৰে৷
কৰমৰ আখাড়া মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ধৰ্মকান্ত মূৰ্ম্মূয়ে আৰু ৰাইজক উদ্দেশ্যি কৰম পূঁজাৰ তাৎপৰ্য্য ব্যাখ্যা কৰে চৰন কুৰ্ম্মিয়ে। কৰম উৎসৱৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে আদিবাসী চাহ জনগোষ্ঠীয়লোক তথা যুৱক-যুৱতী সকলৰ সৈতে মাদলৰ চেৱে চেৱে ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰি নিজে নাচিবাগী বিধায়ক গৰাকী আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হয়৷
Also Read: অশান্ত মণিপুৰঃ পৰিবহন মন্ত্ৰীৰ ঘৰত শক্তিশালী বোমা বিস্ফোৰণ...