ডিজিটেল সংবাদ,হাওৰাঘাট : ১২ নং ফুলনি পৰিষদীয় সমষ্টিৰ ৱাচক ৰংফাৰ গাঁও নিবাসী তথা ফুলনি বজাৰ সমিতিৰ প্ৰাক্তন সভাপতি পোহৰছিং ৰংফাৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে পুৱা তেওঁৰ দেহাৱসান ঘটে ।
তেওঁ ফুলনি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান, দল সংগঠন সমূহ সৈতে জৰিত থকা লগতে বিভিন্ন সমাজ সেৱা কৰিছিল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি ৪৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত ফুলনি বজাৰ সমিতি আৰু বিভিন্ন দল সংগঠনৰ লগতে ফুলনি অঞ্চলৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে।