ডিজিটেল সংবাদ, কামপুৰ : কচুৱা থানাৰ অন্তৰ্গত নগাঁও আৰু পশ্চিম কাৰ্বি জিলাৰ সীমান্তৱৰ্তী এলেকা ৰজাগাঁৱত একাংশ ব্যৱসায়ীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে কামপুৰ -কচুৱা -বৈঠালাংচু পথত কাৰ্বি আংলং স্বায়ত্ব পৰিষদে কচুৱা থানাৰ অন্তৰ্গত ৰজাগাঁও এলেকাত চেক গেট বহুৱাই ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে।
এই অভিযোগ উত্থাপন কৰি শনিবাৰে একাংশ ব্যৱসায়ীয়ে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। অভিযোগ অনুসৰি পশ্চিম কাৰ্বি আংলং প্ৰৱেশ দ্বাৰত দীৰ্ঘ দিন ধৰি কাবি আংলং স্বায়ত্ব পৰিষদে চেক গেট বহুৱাই কৰ সংগ্ৰহ কৰি আহিছিল, যদিও পুনৰ আন এটা চেক গেট বহুৱাই ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ কৰা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।
আজি কামপুৰ, কচুৱা আৰু ৰজাগাঁৱৰ পৰা যোৱা ব্যৱসায়ীসকলে সা-সামগ্ৰী লৈ বজাৰলৈ গৈ থকাৰ অৱস্থাত চেক গেটত গাড়ী ৰখাই গাড়ী পৰা সকলো সামগ্ৰী নমাই বৃহৎ পৰিমাণৰ কৰ দাবী কৰাৰ অভিযোগ উত্থাপন কৰে। যাৰ বাবে ব্যৱসায়ীসকল বজাৰ লৈ নগৈ ঘৰমুৱা হয় আৰু ৰজাগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে।