ডিজিটেল সংবাদ, হাওৰাঘাট : পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত মাইলু বিহাৰী বস্তিত শিক্ষক স্বামীৰ অত্যাচাৰৰ বলি হৈছে এগৰাকী মহিলা। মাইলুৰ নিৱাসী সুশিল সিং নামৰ এজন লোকে পত্নীক যৌতুকৰ দাবীৰে শাৰীৰিক-মানসিক অত্যাচাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷
পেছাত এগৰাকী শিক্ষক সুশিলে ইতিমধ্যে পত্নীৰ পৰিয়ালৰ পৰা ৫লাখ টকা আৰু এখন বাইক আদায় কৰিছে। ইয়াৰ উপৰিও সুশিলে পুনৰ ডেৰ লাখ টকা বিচাৰি পত্নীৰ ওপৰত অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাটন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
দুবছৰ পূৰ্বে পত্নীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা সুশিলে ২৩ অক্টোবৰত পুনৰ পত্নীৰ ওপৰত অত্যচাৰ চলায়। এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে মাইলু আৰক্ষী চকীত এজাহাৰ দিয়ে যদিও আৰক্ষীয়ে এজাহাৰটো পঞ্জীয়ণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীৰে সুশিলৰ সৈতে মিতিৰালি থকাৰ সন্দেহ ভুক্তভোগী পৰিয়ালৰ।
Also Read: ধুবুৰী জিলাৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া সন্দৰ্ভত সভা...