ডিজিটেল ডেস্ক: "মহিলাই চিঞৰাৰ অধিকাৰ ইছলামত নাই,তেন্তে কিহৰ বাবে প্ৰতিবাদ কৰি আছে"- এই মন্তব্য কেৰলাৰ ৰাজ্যপাল আৰিফ মহম্মদ আহমেদ খানৰ।
দেশজুৰি এতিয়াও অব্যাহত আছে হিজাব বিতৰ্ক। ইয়াৰ মাজতে এই বিতৰ্কক লৈ কেৰলাৰ ৰাজ্যপাল আৰু উদাৰবাদী মুছলিম নেতা আৰিফ মহম্মদ খানে মন্তব্য প্ৰদান কৰে।
খানে কয় যে, "হিজাব বিতৰ্কৰ নামত কিছুমান লোকে বাৰে বাৰে শ্বৰীয়তৰ কথা কৈ আছে। শ্বৰীয়ত মতে এজন মুছলমানে সেইখন দেশতো থাকিব নালাগে য'ত শ্বৰীয়ত আইন প্ৰযোজ্য নহয়।ইছলামত মহিলাৰ কণ্ঠটো পৰ্দা আছে। শ্বৰীয়তত কোৱা হৈছে যে সাৰ্বজনিক স্থানত মহিলাৰ মাত মতাৰ অধিকাৰ নাই। সেই অনুসৰি কৰ্ণাটকৰ বিদ্যালয়ত আল্লা হু আকবৰ শ্ল'গান দিয়া যুৱতী গৰাকীও ভুল। শ্বৰীয়ত মানিলে ভালদৰে মানিব লাগে নহ'লে নালাগে"।
এক সাক্ষাতকাৰত খানে কয় যে ইছলামত কোৱা অনুসৰি হিজাব প্ৰয়োজনীয় নহয়। সেইবাবে শিখ সকলৰ কেশ, খাৰু আৰু কৃপানৰ লগত হিজাবক তুলনা কৰিব নোৱাৰি। তেওঁ কয় যে বহুতেই এয়া এক ষড়যন্ত্ৰ কৰিছে।
খানে কয় যে মানুহে চাব লাগে যে মুছলিম নাৰী সকল শিক্ষিত হৈছে, ভাল শিক্ষা লাভ কৰিছে। কিন্তু একাংশই কেৱল বিতৰ্কহে কৰি আছে। গতিকে এয়া উচিত নহয় বুলি কয় খানে।