”যি সকলে কোৰান পঢ়ে সেই সকল”- হিন্দু নেতাৰ আপত্তিজনক মন্তব্যৰ অভিযোগ তুলি এজাহাৰ

”যি সকলে কোৰান পঢ়ে সেই সকল”- হিন্দু নেতাৰ আপত্তিজনক মন্তব্যৰ অভিযোগ তুলি এজাহাৰ

author-image
asomiyapratidin
New Update
”যি সকলে কোৰান পঢ়ে সেই সকল”- হিন্দু নেতাৰ আপত্তিজনক মন্তব্যৰ অভিযোগ তুলি এজাহাৰ

 ডিজিটেল ডেস্ক: বিভিন্ন সময়ত একাংশ লোকৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে দেশ উত্তাল হৈ থাকে। এইবাৰ পুনৰ এটি হিন্দু সংগঠনৰ কাৰ্যকৰ্তাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

কৰ্ণাটকৰ কোলাৰত আৰক্ষীয়ে হিন্দু জাগৰণ বৈদিক নামৰ এটা সংগঠনৰ কাৰ্যকৰ্তা কেশৱ মূৰ্তি আৰু অন্যান্য লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।

কাৰ্যকৰ্তা গৰাকীয়ে আপত্তি জনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে অঞ্জুমন-এ-ইছলামিয়া সংগঠনৰ অধ্যক্ষ জমীৰ আহমেদে।

অভিযোগ অনুসৰি জুলাই মাহত হিন্দু সংগঠনটোৱে উদয়পুৰৰ ঘটনাক লৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল। সেই সময়তে ভাষণত কেশৱ মূৰ্তিয়ে কয় যে কোৰান পঢ়া আৰু সেয়া পালন কৰা লোক সকল সন্ত্ৰাসবাদী।

উল্লেখ্য যে, বিগত মাহত উদয়পুৰত এজন দৰ্জীক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল। নপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে সংঘটিত হৈছিল এই হত্যাকাণ্ড। তাৰ পাছতেই দেশৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত হৈছিল।

আৰু পঢ়ক: আৰক্ষী থানাৰ ভিতৰত মহিলাক অকথ্য নিৰ্যাতন! অসম আৰক্ষীৰ দুই বিষয়া নিলম্বন…

murder case fir udaipur