ডিজিটেল সংবাদ, ধুবুৰীঃ প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতিয়ে ধুবুৰীৰ বিলাসপাৰা মহাবিদ্যালয়ৰ এন এছ এছৰ, সহযোগত বিলাসীপাৰাত দিনজোৰা কাৰ্যসূচীৰে আজি কাতি বিহু পালন কৰে। এই উপলক্ষে পুৱা বিলাসীপাৰা মহাবিদ্যালয়ত তুলসী পুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমাজকৰ্মী দিলীপ চক্ৰৱৰ্তীয়ে।
ইয়াৰ পিছত সমিতিৰ উপ সভাপতি ড০ মুজামিল হক, সমিতিৰ সাংগঠনিক সম্পাদক ধ্ৰুৱৰঞ্জন চক্ৰৱৰ্তী,কাৰ্যকৰী সদস্য শ্ৰীজীৱ চক্ৰৱৰ্তী প্ৰমুখ্যে প্ৰকৃতি কৰ্মী তথা এন এছ এছৰ ছাত্ৰ-ছাত্ৰী সকলে নিম,আমলখি,অমৰা,কৰ্দৈ,ডালিম আদি গছৰ পুলি ৰোপণ কৰে। বিহু উপলক্ষে এন এছ এছৰ ছাত্ৰ-ছাত্ৰী সকলে গীত-কবিতাৰ অনুষ্ঠানৰো আয়োজন কৰে।
অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান তথা বিলাসী পাৰা মহাবিদ্যালয়ৰ এন এছ এছৰ কাৰ্যক্ৰম বিষয়া ড০হৰিচৰণ দাসে 'কাতি বিহু' শীৰ্ষক স্বৰচিত কবিতা পাঠ কৰে। আনহাতে সন্ধিয়া সমিতিৰ কৰ্মকৰ্তা সকলে হাকামা গাৱৰ ধাননি পথাৰত আৰু তুলসীৰ তলত বন্তি জ্বলাই কাতি বিহুৰ দিনজোৰা কাৰ্যসূচীৰ সামৰণি মাৰে।