স্বাধীকাৰ বিচাৰি বন্দী চুতীয়া যুৱ সন্মিলনৰ নেতা কৌস্তভ কিশোৰ চুতীয়া...

স্বাধীকাৰ বিচাৰি বন্দী চুতীয়া যুৱ সন্মিলনৰ নেতা কৌস্তভ কিশোৰ চুতীয়া...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ভূমিপুত্ৰ খিলঞ্জীয়াৰ স্বাধীকাৰ বিচৰা গণতান্ত্ৰিক অহিংস সংগ্ৰামৰ আহ্বান জনাই এগৰাকী যুৱ নেতা চৰকাৰী বাহিনীৰ হাতত বন্দী হব লগা হৈছে লখিমপুৰ জিলাত । ৰাজ্যখনত বসবাস কৰি অহা খিলঞ্জীয়া ৬ জনগোষ্ঠীৰ আজন্ম দাবী জনজাতিকৰণ ঘোষণা কৰা , খিলঞ্জীয়াৰ প্ৰভুত্ব বিচাৰি অসমখনক জনগোষ্ঠীয় ৰাজ্য ঘোষণা কৰা, বৰঅসমৰ পবিত্ৰ ভূমিৰ বাসিন্দা সকলৰ সম উন্নয়ন বিকাশ নিশ্চিত কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত ভূমিপুত্ৰ ৬ জনগোষ্ঠীযে বুধবাৰে ঘোষণা কৰিছিল গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী।

ৰাজ্য চৰকাৰৰ বুধবাৰে লখিমপুৰত অনুষ্ঠিত হব লগা কেবিনেট বৈঠকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীবৰ্গৰ আগমনৰ সময়তে লখিমপুৰ জিলা সদৰত বুধবাৰে দুপৰীয়া ১১ বজাত ৬জনগোষ্ঠীৰ উদ্যোগত আহ্বান কৰা হৈছিল প্ৰতিবাদী কাৰ্যসূচী । নাৰ্য প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিদিনে ৰাজপথলৈ ওলাই আহিব লগা হোৱা জাতীয় সংগঠন সমূহৰ ধাৰাবাহিক গণ সংগ্ৰামৰ অন্য এক অংশ হিচাৱে ঘোষিত এই প্ৰতিবাদ মষিমূৰ কৰাত নামি পৰিল লখিমপুৰ আৰক্ষী ।

জনগোষ্ঠী সমূহৰ প্ৰতাৰক ঘোষিত মুখ্যমন্ত্ৰীৰ লখিমপুৰ আগমনৰ কালত ৰাজহুৱা প্ৰতিবাদ ব্যৰ্থ কৰিবলৈ জনগোষ্ঠী সমূহৰ নেতা কৰ্মীৰ ঘৰে ঘৰে নিশা নিশা চলিল অভিযান। তাৰেই অংশ হিচাপে যোৱা নিশা প্ৰায় ২ বজাত ঢকুৱাখনা দেউলীয়া গাঁওৰ নিজা বাসগৃহৰ পৰা বন্দী কৰি উঠাই আনিলে চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াক । যুৱনেতা চুতীয়াক ঢকুৱাখনা আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চন্দ্ৰ বৰাৰ নেতৃত্বত যোৱা এটা সশস্ত্ৰ আৰক্ষীৰ দলে ৰাতি দুই বজাত বিছনাৰ পৰা উঠাই আনি বৰ্তমানলৈকে ঢকুৱাখনা আৰক্ষী থানাত আটক কৰি ৰাখিছে।

সন্মিলনৰ কেন্দ্ৰীয় নেতা গৰাকীক এনেদৰে আটক কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে জনগোষ্ঠী সমূহ । ধিক্কাৰ দিছে লখিমপুৰ আৰু ঢকুৱাখনা আৰক্ষীক। ইপিনে এজন কৌস্তভ কিশোৰ চুতীয়াক বন্দী কৰি খিলঞ্জীয়া জাতি জনজাতিৰ প্ৰাপ্য অধিকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামখন স্তিমিত কৰিব নোৱাৰিব বুলি সকীয়াই দিছে আটকাধীন যুৱ নেতা গৰাকীয়ে । বন্দী নেতা চুতীয়াই যুগ যুগান্তৰ ধৰি প্ৰাপ্য অধিকাৰ বঞ্চিত ৰাইজৰ পঞ্জীভূত ক্ষোভৰ গণতান্ত্ৰিক উদ্গীৰণ ঘটিলে পৰিণতি অকল্পনীয় হব বুলি কৈ তাৎক্ষণিক ভাৱে ৬ জনগোষ্ঠীযে উমৈহতীয়া ভাবে উথাপন কৰা দাবী সমুহৰ কাৰ্যকৰী কৰাৰ আহ্বান জনায় ।

স্বাধীকাৰ বিচাৰি বন্দী চুতীয়া যুৱ সন্মিলনৰ নেতা কৌস্তভ কিশোৰ চুতীয়া...
এনে চাউল খাব পাৰিনে! মেৰাপানীত চৰকাৰী চাউলত ওলাইছে শিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in