কাজিৰঙা পঞ্চতাৰকা হোটেল বিতৰ্ক: অবৈধভাৱে ফেঞ্চিং,গৃহ নিৰ্মাণৰ তথ্য গাপ দিয়াৰ চেষ্টা চৰকাৰৰ

কাজিৰঙা পঞ্চতাৰকা হোটেল বিতৰ্ক: অবৈধভাৱে ফেঞ্চিং,গৃহ নিৰ্মাণৰ তথ্য গাপ  দিয়াৰ চেষ্টা চৰকাৰৰ
Published on
Updated on

ডিজিটেল সংবাদ,বোকাখাতঃ অসমৰ শেহতীয়া সংহাৰী বান-মথাউৰি চিগা কাণ্ডৰ পৰিস্থিতি মাৰ নৌ যাঁওতেই নৰূপত উন্মোচিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চতাৰকা হোটেল বিতৰ্ক।

৫ জুলাইত কাজিৰঙা ইংলে পথাৰত অঞ্চলটোৰ ভূমি অধিকাৰী আদিবাসী লোক সকলে পূৰ্বৰ দৰে এইবাৰো পথাৰত সমূহীয়াকৈ কঠিয়া পাৰিবলৈ কৃষি সজুঁলি লৈ নামি পৰিছিল। কিন্তু চৌদিশে তাঁৰ লগোৱা দেখি আচম্বিত হয় থলুৱা আদিবাসী ৰাইজ। হঠাৎ কাষৰে 'হংথৰ'-(HONGTHOR)নামৰ ৰিজৰ্ট খনৰ পৰা আৰক্ষী নিৰাপত্তাৰক্ষীয়ে বন্দুক বাৰুদ লৈ থলুৱা আদিবাসী কৃষক পৰিয়ালক বাধা প্ৰদান কৰে। তেনে সময়ত স্থানীয় কৃষক সকলে যুঁজ দি ফেঞ্চিঙৰ খুঁটা উভালা,কাঁটা তাঁৰ ঘপিয়াই চিঙাৰ দৃশ্য এক গোপন কেমেৰাত বন্দী হয়।

সম্প্ৰতি সেই এলেকাত মানুহৰ প্ৰৱেশ তথা কেমেৰাত ফটো ভিডিঅ' তোলা নিষিদ্ধ কৰা হৈছে। "SITE FOR ATDC" বুলি ফলক লগোৱা হৈছে।কিছুদিনৰ পূৰ্বে অঞ্চলটোৰ জি পি এছ লোকেচন যুক্ত ফটো ভিডিঅ' জীপাল কৃষক শ্ৰমিক সংঘৰ এক প্ৰতিনিধি দলে বিশেষ কৌশলেৰে সংগ্ৰহ কৰিছিল। তাত অবৈধ চৰকাৰী কাঁটা তাঁৰ আৰু গৃহ নিৰ্মাণ কৰা দেখা পোৱা গৈছিল।

উল্লেখযোগ্য যে স্থানীয় লোকে ৫ জুলাইত সমূহীয়াকৈ কঠিয়া পাৰিবলৈ যোৱা সময়ত সংঘৰ্ষত লিপ্ত হয়। ৬ জুলাইত ৰাইজে প্ৰতিবাদী সংগ্ৰাম কৰে। দেওবাৰে ঘটনাস্থলীত স্থানীয় যুৱ নেতা প্ৰনৱ দলে তথা তেওঁৰ সতীৰ্থ উপস্থিত হয় যদিও উক্ত ক্ষেত্ৰখনত তেওঁক প্ৰৱেশত বাধা প্ৰদান কৰে তাত মোতায়েন হৈ থকা আৰক্ষী বাহিনীয়ে।ফলত তেওঁ খেতিয়ক ৰাইজৰ হৈ বাকযুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হয়।

এই বাধা প্ৰদান কাৰ্যক জীপাল কৃষক শ্ৰমিক সংঘই তীব্ৰভাৱে সমালোচনা কৰে লগতে উক্ত স্থানত প্ৰৱেশ কৰাৰ অধিকাৰ আছে বুলি দাবী কৰে। সংবাদ মাধ্যমৰ আগত জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগুয়ে দাবী তোলে আৰু জীপাল কৃষক শ্ৰমিক সংঘই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াই কয়, কাজিৰঙাৰ পৰিৱেশ-জৈৱতন্ত্ৰ কি তেওঁৰ মতে চলিব? তেওঁৰ ইচাৰাত কাজিৰঙাৰ এনিমেল কৰিডৰ বন্ধ কৰি তাত তেওঁৰ ব্যক্তিগত ৰিজৰ্ট বা বাগিচা হয়। আৰু তেওঁৰ ইচাৰাত কৃত্ৰিম স্থানেদি এনিমেল বা হাতীৰ কৰিডৰ নিৰ্মাণ হ'ব? কাজিৰঙাৰ জৈৱতন্ত্ৰ কি তেওঁৰ আঙুলিৰ ঠাৰত নিয়ন্ত্ৰিত হয় ?

যি সময়ত বানাক্ৰান্ত কাজিৰঙাৰ জীৱকুলৰ সুৰক্ষাৰ বাবে সমগ্ৰ অসমৰ জনতাই তেওঁলোকৰ বহুমূলীয়া সময়ক উৎসৰ্গা কৰিছে,যেনে এঘন্টাৰ বাটক ৪ ঘন্টালৈকে ধৈৰ্যৰে কটাই সময় আৰু অধিক ইন্ধন পুৰি বন্যপ্ৰাণীৰ সুৰক্ষাত ভূমিকা পালন কৰিছে,এফালে হাজাৰ হাজাৰ মালবাহী-খাদ্যসামগ্ৰীৰ ট্ৰাক সমূহৰ যাতায়ত স্তব্ধ হৈ পৰিছে বহুদিন ধৰি। বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত নুমলীগড়ৰ পৰা মাঞ্জাহৈ দূৰণীবতীয়া বাটেৰে যায়, ইয়াৰ ফলত উদ্ভৱ হোৱা মূল্য বৃদ্ধিৰ বোজা পুণৰ অসমৰ বানাক্ৰান্ত ৰাইজেই ভৰিব লগা হৈছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ একো যোৱা নাই।

কিন্তু ইয়াৰ বিপৰীতে বৰং হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনেই পৰম্পৰাগত ভাবে ৩০০ৰো অধিক হাতী,অন্যান্য জীৱকূলৰ বিচৰণ ভূমি ইংলেপথাৰত জীৱকূলৰ পৰিপন্থী ফেঞ্চিং-কাটা তাঁৰ লগাই মৰণফান্দ লগোৱা কাৰ্যৰ বিপৰীতে স্থানীয় কৃষক তথা জীপাল কৃষক শ্ৰমিক সংঘ আৰু বহু প্ৰকৃতিপ্ৰেমী সংগঠন, ৱাইল্ড লাইফ চচাইটি আৰু কিছু স্থানীয় ৰাজহুৱা কৰ্মীয়ে তীব্ৰ বিৰোধিতা কৰি আহিছে।

এইখিনিতে জীপাল কৃষক শ্ৰমিক সংঘই স্পষ্ট কৰি দিয়ে যে হাতীৰ বিচৰণ স্থলীৰ সুৰক্ষাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্যতাৰ লগত সহবস্থান কৰি অহা থলুৱা কৃষক সকলৰ ভূমি অধিকাৰ সুৰক্ষিত হ'ব লাগিব। অন্যথা যিকোনো মূল্যৰ বিনিময়ত এই ইচ্ছ্যুক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ হুংকাৰ দিয়ে জীপাল কৃষক শ্ৰমিক সংঘই।

প্ৰাপ্ত তথ্য অনুসৰি ৭ জুলাইত মাজুলীৰ পৰা উভতি আহি হিমন্ত চৰকাৰৰ বহুবল্কী তথা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কঁহৰাৰ পুলিচ বাংলোত বাহৰ পাতে। যদিও হায়াতৰ পঞ্চতাৰকা হোটেল কাণ্ডৰ প্ৰশ্ন অৱতাৰণা নকৰিবলৈ অনুৰোধ কৰে। অন্য হাতেদি লাভ কৰা এক গোপন খবৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে জিলাৰ আৰক্ষী অধীক্ষক তথা প্ৰশাসনক যিকোনো মূল্যৰ বিনিময়ত,দমন-লাঠি চাৰ্জ আৰু গোচৰ পঞ্জীয়নেৰে জেল হাজোতলৈ প্ৰেৰণ কৰি হ'লেও ভূমি অধিগ্ৰহণ আৰু যাৱতীয় নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া বাতৰি মানুহৰ মুখে মুখে।

উল্লেখযোগ্য যে ইংলে পথাৰৰ গাতে লাগি থকা বিতৰ্কিত ৰিজাৰ্ভ লেণ্ডত নিৰ্মিত 'হংথৰ' ৰিজৰ্টখনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ কাৰ্বি-আংলং স্বায়ত্ব শাসিত পৰিষদৰ কৰ্ণধাৰ বুলি চৰ্চালৈ আহিছে।

তেনেস্থলত থলুৱা কৃষক সকলে ইংলে পথাৰত কৃষি কৰ্ম কৰি অহা এই কৃষি ভূমিত ৩০০ ৰো অধিক হাতীৰ সৈতে কৰা সহৱস্থানৰ ইতিহাস বিকৃত কৰাৰ তথ্য পোহৰলৈ আহিছে। যি সকল লোকে হাতীক নিজৰ ফচল খুৱাই কাজিৰঙাৰ জৈৱ্য বৈচিত্ৰ্যৰ সুৰক্ষাত অৱদান যোগাই আহিছে । তেনে লোকৰ ওপৰত সম্পূৰ্ণ অনৈতিকভাৱে ভূমি অধিগ্ৰহণ,কাৰচাজিৰ মাজেৰে ভূমি পৰ্যটন নিগমলৈ হস্তান্তৰ কৰা আৰু ম্যাদীকৰণ এটা ৰাতিৰ ভিতৰতে কৰি লৈ পুঁজিপটিৰ হাতত গতোৱা কাণ্ডৰ তথ্য সম্প্ৰতি স্পষ্ট ৰূপত পোহৰলৈ আহিছে।

এই ক্ষেত্ৰত স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে যুগ যুগ ধৰি বসবাস কৰি অহা সৰ্বসাধাৰণ লোকে আবেদন নিবেদন তথা কাকুতি মিনতি কৰিলেও ম্যাদীকৰণ কৰিব নোৱাৰে কিন্তু আজিৰ পৰিস্থিতিত থলুৱা লোকৰ ভূমি কাঢ়ি এৰাতিৰ ভিতৰত বেলেগৰ নামত উঠাব পাৰে।এয়াই হৈছে ধনীক শ্ৰেণীস্বাৰ্থ সুৰক্ষাকবচ বসুন্ধৰা আঁচনিৰ মহত্ব বুলিও কতাক্ষ কৰে।

জীপাল কৃষক শ্ৰমিক সংঘই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনৰ ভিত্তিত উক্ত হাতী খুলি চাহ বাগিছাৰ ইংলেপথাৰ তথা হাতীৰ পৰম্পৰাগত ভাবে ঘূলি থকা উক্ত ৩০ বিঘা ভূমি অসম পৰ্যটন নিগমক( বলপূৰ্বক ভাৱে)আৱন্টন দেখুৱাই আৰু লগে লগে মাটি নামজাৰীৰো নিৰ্দেশনা থকা প্ৰপত্ৰ পোহৰলৈ আনে।

এই ভূমিতেই কংক্ৰীটৰ দেৱাল সাজি পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা আৰু যুগ যুগলৈ হাতীৰ বিচৰণ ভূমি লুপ্ত হোৱাৰ ফলত চুবুৰীয়া অঞ্চলত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ ভয়ানক পৰিস্থিতি নাহিবলৈ সকলো স্তৰৰ জনতাক এই বিষয়ত মাত মতাৰ আহ্বান জনায় জীপাল কৃষক শ্ৰমিক সংঘই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in