হিমন্ত বিশ্ব শৰ্মাই নামাতিলে, তামিলনাডুৰ মুখ্যমন্ত্ৰীয়েহে মাতিলে কেজৰিৱালকঃ ৫ ছেপ্তেম্বৰত উদ্বোধন কৰিব কেইবাখনো বিদ্যালয়…

হিমন্ত বিশ্ব শৰ্মাই নামাতিলে, তামিলনাডুৰ মুখ্যমন্ত্ৰীয়েহে মাতিলে কেজৰিৱালকঃ ৫ ছেপ্তেম্বৰত উদ্বোধন কৰিব কেইবাখনো বিদ্যালয়…

author-image
asomiyapratidin
New Update
হিমন্ত বিশ্ব শৰ্মাই নামাতিলে, তামিলনাডুৰ মুখ্যমন্ত্ৰীয়েহে মাতিলে কেজৰিৱালকঃ ৫ ছেপ্তেম্বৰত উদ্বোধন কৰিব কেইবাখনো বিদ্যালয়…

ডিজিটেল ডেস্কঃ বৰ্তমান চৰ্চাত আছে অৰবিন্দ কেজৰিৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ যুদ্ধ। সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেজৰিৱালৰ সামাজিক মাধ্যমত অসমৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে কথাৰ কটাকটি অব্যাহত আছে। এনে সময়তে তামিলনাডু চৰকাৰে আমন্ত্ৰণ জনালে অৰবিন্দ কেজৰিৱালক।

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৫ ছেপ্তেম্বৰ তাৰিখে তামিলনাডুত উৎকৃষ্টমানৰ বিদ্যালয় মুকলিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱালে।মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পোৱা খবৰ অনুসৰি তামিলনাডু চৰকাৰৰ আমন্ত্ৰণ মৰ্মে মুখ্যমন্ত্ৰীজনে ৫ ছেপ্তেম্বৰত তামিলনাডু ভ্ৰমণ কৰিব।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে জনোৱা অনুসৰি কেজৰিৱালে তামিলনাডুত ১৫ খন মডেল স্কুল আৰু উৎকৃষ্টমানৰ বিদ্যালয়  মুকলি কৰিব ।

উল্লেখযোগ্য যে, যোৱা এপ্ৰিল মাহত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে.ষ্টালিনে দিল্লীৰ এখন চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিছিল আৰু বিভাগীয় দায়িত্বত থকা  বিষয়াসকলে তেওঁক দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে বুজাই দিছিল।তাৰ পাছতে তামিলনাডুৰ মুখ্যমন্ত্ৰীজনে ৰাজ্যত আদৰ্শ বিদ্যালয় স্থাপন কৰিছিল।

সেয়ে দিল্লীৰ মুখ্যমন্ত্ৰী জনক এই বিদ্যালয়ৰ শুভ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনায়।অন্যহাতে কেজৰিৱালে অসমৰ শিক্ষা ব্যৱস্থা পৰিদৰ্শন কৰিবলৈ আহিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টুইট কৰি জনাইছিল।কিন্তু কেজৰিৱালৰ অসম ভ্ৰমণৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

assam delhi aap hbs kejriwal