ডিজিটেল সংবাদ, বটদ্ৰৱা : “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাস ক্ৰীড়া কৰি দেখি কৃষ্ণৰ ভৈল মন”।। শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস যাত্ৰা মহোৎসৱৰ পবিত্ৰ অনুষ্ঠানত বিধৌত হৈছে সমগ্ৰ ৰাজ্য। পিছপৰি থকা নাই বটদ্ৰৱা অঞ্চল।
ৰাস উৎসৱ উপলক্ষে জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ বাকৰিত হিন্দু মুছলমান সকলো ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিবেশিত হল "কেলিগোপাল" নাটক। সুগন্ধা গোস্বামী, দৰ্শনা বৰা, ফাৰিহা জামান, অম্লানজ্যোতি কলিতা, দিপীকা বৰুৱা, চুহানা আহমেদকে আদি কৰি জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ ছাত্ৰ –ছাত্ৰীসকলৰ অভিনয়েৰে মঞ্চস্থ কৰা কেলিগোপাল নাটখন উপভোগ কৰি দৰ্শক সকল মন্ত্ৰমুগ্ধ হৈ পৰে।
উল্লেখযোগ্য যে কেলিগোপাল নাটকৰ শুভাৰম্ভ কৰে নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সুনীল বৰাই। জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ অধ্যক্ষ দিলীপ চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ- ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক, অতিথিসহ সহস্ৰাধিক লোকে নাটখনি উপভোগ কৰে।