/asomiyapratidin/media/media_files/2025/09/17/web-ap-2-2-2025-09-17-12-01-51.jpg)
ডিজিটেল ডেস্কঃ কেৰালাত মগজু খোৱা এমিবা সংক্ৰমণ বা এমিবিক মেনিনগোএনচেফেলাইটিছৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি মঙলবাৰে নতুনকৈ দুজন লোকৰ সংক্ৰমণ ধৰা পৰা লগতে এজন লোকৰ মৃত্যু হৈছে।
ইয়াৰ লগে লগে মুঠ আক্ৰান্তৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি পোৱা লগতে এমিবা সংক্ৰমনত মৃত্যু হৈছে ১৮ জনকৈ লোকৰ। উল্লেখযোগ্য যে, PAM হৈছে "মগজু খোৱা এমিবা" Naegleria fowleri ৰ দ্বাৰা হোৱা এক মাৰাত্মক মগজুৰ সংক্ৰমণ।
যোৱা কেইমাহমানৰ পৰা এই ৰোগ মূলতঃ পুখুৰী, চুইমিং পুল, আৰু অন্যান্য স্থবিৰ পানীৰ উৎসত সাঁতুৰি বা গা ধুই থকা লোকৰ ক্ষেত্ৰত দেখা গৈছে। চিকিৎসকৰ মতে সংক্ৰমনৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল তীব্ৰ মূৰৰ বিষ, জ্বৰ, বমি, বিভ্ৰান্তি।
তৎকালীন চিকিৎসা নকৰিলে এই ৰোগে মাৰাত্মক ৰূপ লয় বুলি স্বাস্থ্য বিষয়াই উল্লেখ কৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰালাৰ স্বাস্থ্য বিষয়াসকলে ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰিছে।
কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জৰ এক বিবৃতি অনুসৰি, ৰাজ্যখন বৰ্তমান এক গুৰুতৰ জনস্বাস্থ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। প্ৰথমে কোজিকোড আৰু মালাপ্পুৰামৰ দৰে জিলাত সংক্ৰমনৰ তথ্য পোৱা গৈছিল যদিও এতিয়া সমগ্ৰ ৰাজ্যতে বহু লোক এমিবাত আক্ৰান্ত হৈছে।
তথ্য অনুসৰি, আক্ৰান্তসকলৰ ভিতৰত তিনি মহীয়া কেঁচুৱাৰ পৰা ৯১ বছৰীয়া বৃদ্ধও আছে। কেৰালাত সংক্ৰমণৰ পিছত জীয়াই থকাৰ হাৰ ২৪% বুলি স্বাস্থ্য বিভাগৰ এক তথ্যত প্ৰকাশ কৰিছে।
লক্ষ্যণীয় যে, এই সংক্ৰমণ এজনৰ পৰা আন এজনলৈ পোনপটীয়াকৈ বিয়পি নাযায়। সাধাৰণতে দূষিত পানীৰ জৰিয়তে নাকেৰে এমিবা শৰীৰত প্ৰৱেশ কৰিলে এই ৰোগ সংক্ৰমিত হয়। ইয়াৰ পিছতে ভাইৰাছ মগজুলৈ গৈ তীব্ৰ প্ৰদাহৰ সৃষ্টি কৰে।