ডিজিটেল ডেস্কঃ ৱায়নাডত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত নিহতৰ সংখ্যা ৩৫৮লৈ বৃদ্ধি পাইছে। এতিয়াও তিনি শতাধিকলোকৰ সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে। এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত ১৫গৰাকী লোকৰ মৃত্যু হোৱা লগতে ৪৯গৰাকীকৈ লোক সন্ধানহীন হোৱা উদ্বেগজনক খবৰ আহিছে।
অৱশ্যে ইয়াৰ মাজতে কেদাৰনাথৰ পৰা ৩সহস্ৰাধিক দৰ্শনাৰ্থীক সুকলমে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। আনফালে হিমাচল প্ৰদেশতো ডাৱৰ বিস্ফোৰণৰ ফলত ৯গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে ৫০ৰো অধিক লোক সন্ধানহীন হৈ থকাৰ খবৰ আহিছে।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩টাকৈ উদ্ধাৰকাৰী বাহিনীৰ দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। ৪১০টা ড্ৰোণ ব্যৱহাৰ কৰি সমগ্ৰ পৰিৱেশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষী-সেনাই। হিমাচলৰ ১১৪টা পথ বন্ধ কৰি দিয়া হৈছে।