ডিজিটেল ডেস্কঃ কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত এতিয়ালৈকে মৃত্যু হৈছে ১৪৩গৰাকীকৈ লোক। প্ৰশাসনে সদৰি কৰা অনুসৰি, ১২৮গৰাকী লোক প্ৰাকৃতিক এই প্ৰলয়ত আঘাতপ্ৰাপ্ত হৈছে। কোটি কোটি টকাৰ ঘৰ-বাৰী, গাড়ী-মটৰ এতিয়াও মাটিৰ তলতেই আছে।
ভাৰতীয় সেনা, এছ ডি আৰ এফৰ লগতে নৌ সেনাৰ কেইবাটাও দলে এই উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে। আহতসকলৰ চিকিতসা ৱায়নাডৰ WIMS হাস্পতালত হৈ আছে। এই ঘটনাৰ বাবে ইতিমধ্যে ৰাজ্যখনত দুদিনীয়া চৰকাৰী শোক দিৱসৰ ঘোষণা কৰিছে চৰকাৰে।
ইফালে এই ঘটনাৰ খবৰ লৈ যোৱা কেৰালাৰ স্বাস্থমন্ত্ৰী গৰাকীও দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে। এনে পৰিস্থতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে, ৱায়নাডত আগন্তুক কেইবাদিনলৈ বৰষুণ অব্যাহত থাকিব। ৱায়নাডত ৰেল এৰ্লাট জাৰি কৰি থৈছে বতৰ বিজ্ঞান বিভাগে।
ইফালে প্ৰতিকূল বতৰৰ বাবে ৱায়নাডলৈ যাত্ৰা কৰিব পৰা নাই ৰাহুল আৰু প্ৰিয়ংকা গান্ধী। মঙলবাৰেই ৱায়নাডলৈ যোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই যাত্ৰা বাতিল কৰিব লগা হয়। যাত্ৰা বাতিলৰ পাছতে সামাজিক মাধ্যমযোগে দুখ ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কয়- আমি যাব নোৱাৰিলো যদিও, আমাৰ মনটো আপোনালোকৰ লগতেই আছে। আমি প্ৰাৰ্থনা কৰিছো।