ডিজিটেল সংবাদ,মঙলদৈঃ অভিভাৱক মন্ত্ৰী হোৱাৰ পিছতেই প্ৰথমবাৰৰ বাবে দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। বৃহস্পতিবাৰে জিলা আয়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ এক কেশৱ মহন্তই পৰ্যালোচনা সভাত অংশ লয়।
আজিৰ সভাত মন্ত্ৰী গৰাকীয়ে জিলা খনৰ আটাইকেইটা বিভাগৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয়। জিলাখনৰ উন্নয়ন সন্দৰ্ভত বিভিন্ন দিশৰ ওপৰত পৰ্যালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।
আজিৰ সভাতেই অভিভাৱক মন্ত্ৰী গৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জিলাখনৰ সকলো উন্নয়নমূলক কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।