খাগৰিজান মহাবিদ্যালয়ত নৱ্যবৰণ শীৰ্ষক অনুষ্ঠান...

বিধায়ক ৰূপক শৰ্মাৰ অংশগ্ৰহণ,মহাবিদ্যালয় উন্নয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদান

author-image
Asomiya Pratidin
New Update
খাগৰিজান মহাবিদ্যালয়ত নৱ্যবৰণ শীৰ্ষক অনুষ্ঠান...

MLA RUPAK SARMA

ডিজিটেল সংবাদ, বেবেজীয়াঃ মধ্য অসমৰ অগ্ৰনী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় নৱ্যবৰণ শীৰ্ষক অনুষ্ঠানৰ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷

বিধায়ক গৰাকীয়ে মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰথমে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্মীত পুথিভঁৰালটো মুকলি কৰাৰ অন্তত আগন্তুক দিনত হ'বলগীয়া মহাবিদ্যালয়ৰ বিভিন্ন দিশ সমূহ পৰিদৰ্শন কৰে ৷

তাৰ পাচতে অনুষ্ঠিত মুকলি সভাত বিধায়ক শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে মানৱ জীৱন সুন্দৰ ৰূপত গঢ়ি তোলাৰ মূল সম্পদ হৈছে শিক্ষা ৷ আমি প্ৰতিজন ব্যক্তি শিক্ষাৰ আলোকৰে আলোকিত হ’ব নোবাৰিলে এখন সুস্থ সবল সমাজৰ সপোন দেখিব নোবাৰো ৷ শিক্ষাৰ যোগেদি জ্ঞানৰ শলিতা জ্বলাই পোহৰৰ বাট খাজৰিজান মহাবিদ্যালয় মধ্য অসমৰ এক উল্লেখযোগ্য উচ্চ শিক্ষানুষ্ঠান ।

চাওতে চাওতে খাগৰিজান মহাবিদ্যালয়ে গৌৰৱোজ্বল সোনালী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ এতিয়া আগৰ খাগৰিজান মহাবিদ্যালয় আৰু আজিৰ খাগৰিজান মহাবিদ্যালয়ৰ মাজত বহু পৰিবৰ্তন আহিল ৷ অনাগত দিনত মহাবিদ্যালয় খনৰ সকলো দিশৰ ফালৰ পৰা আৰু অধিক উন্নতি কামনা কৰে বিধায়ক ৰূপক শৰ্মাই ৷

অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° ৰমেশ নাথ,বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং,মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অৰুণ বিকাশ দত্ত, প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাধক্ষ্যা চেলিমা চুলতানা খন্দকাৰ, নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা জেষ্ঠ সাংবাদিক কনক হাজৰিকা প্ৰমুখ্যে ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

নৱ্যবৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় খনৰ আলোচনী ২০২১-২২ বৰ্ষৰ অমৃতধাৰা আলোচনী খনো উন্মোচন কৰাৰ লগতে বিধায়ক পুঁজিৰ পৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ উন্নয়নৰ বাবে ৩ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াই বিধায়ক ৰূপক শৰ্মাই।

উল্লেখ যে,সোনালী জয়ন্তী বৰ্ষৰ স্মৃতি হিচাপে মহাবিদ্যালয় চৌহদত এটি স্মাৰক নিৰ্মাণৰ বাবে বিধায়ক গৰাকীৰ উপস্থিতিত স্থান পৰিদৰ্শন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে ৷

RUPAK SARMA KHAGARIJAN COLLEGE